
নতুন দিল্লী, ২১ মে’(হি.স.)। দেশত সৌন্দৰ্যৰ বেজী আৰু বাৰ্ধক্য প্ৰতিৰোধী ঔষধৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে এই সন্দৰ্ভত জনসাধাৰণক সতৰ্ক কৰি জাননী জাৰি কৰিছে। সংস্থাটোৱে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ প্ৰসাধন সামগ্ৰী বেজীৰ জৰিয়তে ব্যৱহাৰ কৰিব নোৱাৰিব। সংস্থাটোৰ মতে প্ৰসাধন সামগ্ৰী কেৱল বাহ্যিক ব্যৱহাৰৰ বাবেহে, শৰীৰত বেজী দিয়াটো নিয়মৰ বিৰুদ্ধে।
এই জাননী জাৰি কৰিছে সংস্থাটোৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল ডাঃ ৰাজীৱ ৰঘুবংশীয়ে। জাননীখনত উল্লেখ কৰা হৈছে যে ছাল বগা কৰা, এন্টি এজিং, গ্লুটাথিয়ন আদি সৌন্দৰ্য্যৰ বেজী প্ৰসাধন সামগ্ৰী হিচাপে বিক্ৰী বা প্ৰচাৰৰ অনুমতি নাই। সংস্থাটোৰ মতে, ড্ৰাগছ এণ্ড প্ৰসাধন সামগ্ৰী আইন, ১৯৪০ আৰু প্ৰসাধন সামগ্ৰী নিয়ম, ২০২০ৰ অধীনত প্ৰসাধন সামগ্ৰী কেৱল ছাল, চুলি, নখ, বা বাহ্যিক অংগত প্ৰয়োগ, স্প্ৰে, বা পৰিষ্কাৰ কৰাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব। এন্টি এজিং বেজীৰ ব্যৱহাৰ এই আইনৰ অধীনত সামৰি লোৱা হোৱা নাই। স্বাস্থ্য মন্ত্ৰালয়ে বিউটি ক্লিনিক, নান্দনিক কেন্দ্ৰ, চিকিৎসা পেছাদাৰীসকলকো নিয়ম মানি চলিবলৈ নিৰ্দেশ দিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া