ভাৰতীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পশুপতিনাথ মন্দিৰত ৪০ কেজি চন্দন উপহাৰ
কাঠমাণ্ডু, ২১ মে’(হি.স.)। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে নেপালৰ বিখ্যাত পশুপতিনাথ মন্দিৰত ৪০ কেজি চন্দন উপহাৰ দিয়ে। মন্দিৰৰ দৈনন্দিন উপাসনাত ব্যৱহাৰৰ বাবে মুখ্য পুৰোহিত গণেশ ভাটৰ উপস্থিতিত চন্দন কাঠ চমজাই দিয়া হয়। পশুপতিনাথ মন্দিৰৰ মুখ্য পুৰোহিত
पशुपतिनाथ मंदिर


কাঠমাণ্ডু, ২১ মে’(হি.স.)। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে নেপালৰ বিখ্যাত পশুপতিনাথ মন্দিৰত ৪০ কেজি চন্দন উপহাৰ দিয়ে। মন্দিৰৰ দৈনন্দিন উপাসনাত ব্যৱহাৰৰ বাবে মুখ্য পুৰোহিত গণেশ ভাটৰ উপস্থিতিত চন্দন কাঠ চমজাই দিয়া হয়।

পশুপতিনাথ মন্দিৰৰ মুখ্য পুৰোহিত (মূলভট) য়ে উল্লেখ কৰে যে মন্দিৰৰ দৈনিক পূজাৰ বাবে ভাৰতীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৪০ কেজি চন্দন দান কৰে। পূষ্য নক্ষত্ৰ উপলক্ষে এই চন্দন কাঠ গৃহমন্ত্ৰী শ্বাহে পশুপতি আঞ্চলিক উন্নয়ন পুঁজিলৈ হস্তান্তৰ কৰে।

তেওঁ লগতে উল্লেখ কৰে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাবছৰ ধৰি পশুপতিনাথ মন্দিৰলৈ চন্দন প্ৰেৰণ কৰি আহিছে। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ২০১৪ চনত প্ৰথমবাৰৰ বাবে নেপাল ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়েও সেই সময়ত ৫০ কেজি চন্দন আগবঢ়াইছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande