
কাৰ্বি আংলং, ২০ মে’ (হি.স.): কাৰ্বি আংলঙৰ মাঞ্জাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । হঠাৎ বন্ধ হৈ পৰে মাঞ্জা বজাৰৰ দোকান-পোহৰ।শুকুৰ আলী নামৰ মাছ-মাংস ব্যৱসায়ীয়ে এখন স্কুলৰ সন্মুখত জাৱৰ পেলোৱাৰ ঘটনাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় । মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰৱণ ইংতিয়ে শুকুৰ আলীক ৰক্ষণা-বেক্ষণ দিয়াৰ লগতে কেএছএ মানে কি হয় বুলি কাৰ্বি ছাত্ৰ সন্থাক অপমানিত কৰাৰ অভিযোগ কৰে ছাত্ৰ সংগঠনটোৱে ।
এই লৈ মাঞ্জা থানাৰ সন্মুখতে কালি বিয়লি ধৰ্ণা দি প্ৰতিবাদ সাব্য়স্ত কৰে কাৰ্বি ছাত্ৰ সন্থাই । মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বিত কৰাৰ দাবী তোলে কাৰ্বি ছাত্ৰ সন্থাই । আনফালে মাঞ্জাৰ শুকুৰ আলী নামৰ মাছ-মাংস ব্যৱসায়ীগৰাকীৰ অনুজ্ঞা পত্ৰ বাতিল কৰাৰো দাবী তুলিছে ছাত্ৰ সন্থাই । আনফালে এই ঘটনা সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে কাৰ্বি আংলং জিলা আৰক্ষী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ