
গুৱাহাটী, ২০ মে' (হি.স.)। অসম বিধানসভাৰ ১৬ সংখ্যক অধিৱেশন কাইলৈ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব । অধিৱেশনৰ প্ৰথম দিনাই অধ্যক্ষ পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াকে লৈ ৰাজ্যত ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে।
অধ্যক্ষ পদৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক ৰঞ্জিত দাসৰ সমৰ্থনত এন ডি এৰ এটা প্ৰতিনিধি দলে মনোনয়ন পত্ৰ দাখিল কৰে। মন্ত্ৰী অতুল বৰা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক পীয়ুষ হাজৰিকা, কেশৱ মহন্ত, আৰু মানৱ ডেকাই যৌথভাৱে ৰঞ্জিত দাসৰ মনোনয়ন দাখিল কৰে।
ইয়াৰ পূৰ্বে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যপালৰ সন্মুখত প্ৰ’-টেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁ বিধানসভাৰ প্ৰাৰম্ভিক কাৰ্য্যবিধি আৰু অধ্যক্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ নেতৃত্ব দিব।
ইফালে বিধানসভাত বিৰোধী দলৰ নেতাক সন্দৰ্ভতো ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে অসম বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে মিঞা সম্প্ৰদায়ৰ এজন নেতাক নিযুক্তি দিয়াৰ চৰ্চা চলিছে। ৱাজেদ আলী চৌধুৰীক বিৰোধী দলৰ নেতা হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।
এই বিষয়টোৱে শাসকীয় দল আৰু বিৰোধীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনকি বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ আগতেই এই বিষয়টো ৰাজ্যৰ ৰাজনীতিত এক প্ৰধান চৰ্চিত বিষয় হৈ পৰিছে।
অভিলেখ সংখ্যক ১০২ আসন জয়েৰে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে ১২ মে’ত মুখ্যমন্ত্ৰীৰ লগতে ৪ গৰাকী মন্ত্ৰীয়ে মন্ত্রীপদৰ শপত লৈছিল। ১২ মে’ত শপত লোৱা মন্ত্ৰীসকলৰ অতুল বৰা আৰু অজন্তা নেওগ চুতীয়া জনগোষ্ঠীৰ হোৱাৰ লগতে চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে অন্তৰ্ভুক্ত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। ইফালে বড়ো জনজাতিৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হৈছে চৰণ বড়ো। ইয়াৰ ভিতৰত অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগ, মন্ত্ৰী অজন্তা নেওগক মহিলা আৰু শিশু বিকাশ তথা পৰ্যটন, ৰামেশ্বৰ তেলীক ৰূপান্তৰণ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ তথা চৰণ বড়োক বড়োলেণ্ড কল্যাণ দপ্তৰ দায়িত্ব অৰ্পন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া