
বৰপেটা, ২০ মে (হি.স.): ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । বৰপেটা জিলাতো চলি আছে বহিঃৰাজ্যৰ পৰা চোৰাং কাঠৰ সৰবৰাহ । বৰপেটা জিলাৰ কলগাছিয়াত চোৰাং কাঠভৰ্তি বাহন এখন জব্দ কৰা হৈছে । যোৱা কালি নিশা বৃহৎ পৰিমাণৰ কাঠসহ জব্দ কৰা হয় বলেৰো পিকআপ বাহন খন । মেঘালয়ৰ পৰা কয়াকুছি হৈ জয়পুৰ তাৰাকান্দি লৈ সৰবৰাহ কৰা হৈছিল চোৰাং কাঠ।
অভিযোগ অনুসৰি কয়াকুছিৰ ছাদ্দামৰ নেতৃত্বত চলিছে আছে বহিঃৰাজ্যৰ পৰা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । নিশা কয়াকুছিৰ পৰা কলগাছিয়াৰ জয়পুৰ তাৰাকান্দি মহাত্মা গান্ধী এম ভি স্কুলৰ নামত নাম মাত্ৰ চালান দেখুৱাইছে যদিও তাত ৰহস্যৰ গোন্ধ পোৱা গৈছে। জানিব পৰা মতে উক্ত অঞ্চলত মহাত্মা গান্ধী নামৰ কোনো স্কুল নাই যদিও চালানত কলগাছিয়া জয়পুৰ তাৰাকান্দি মহাত্মা গান্ধী এম ভি স্কুল দেখুৱাইছে । ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ কাঠসহ গাড়ী খন জব্দ কৰি থানালৈ লৈ আনি তদন্ত আৰাম্ভ কৰিছে।জব্দকৃত বলেৰো বাহন খনৰ নম্বৰ এএছ ১৫ চি ৩৮২২ বুলি জানিব পৰা গৈছে । চালক জনে জানিবলৈ দিয়ামতে আৰু দুখনকৈ কাঠভৰ্তি বাহন একেলগে কয়াকুছিৰ পৰা ওলাই আহিছে। আৰক্ষীৰ তদন্ততহে ওলাই পৰিব এয়া চোৰাং কাঠৰ সৰবৰাহ নে বৈধ নথিযুক্ত সৰবৰাহ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ