
নতুন দিল্লী, ২০ মে’ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বুধবাৰে ডেৰাডুনত উপস্থিত হৈ উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বি চি খাণ্ডুৰীক তেওঁৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰয়াত নেতাজনক স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মেজৰ জেনেৰেল বি চি খাণ্ডুৰী এজন ব্যতিক্ৰমী নেতা, এজন বিশিষ্ট জোৱান, আৰু এজন অভিজ্ঞ প্ৰশাসক যিয়ে নিজৰ সমগ্ৰ জীৱন জাতি আৰু জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰিছিল।
তেওঁ কয় যে দেশৰ পথ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে সংযোগৰ উন্নতিৰ ক্ষেত্ৰত খাণ্ডুৰীৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ মতে, তেওঁৰ কৰ্মনীতি, সততা, আৰু উন্নয়নমুখী দৃষ্টিভংগী দেশৰ উন্নয়নৰ পথত এক অমলিন উত্তৰাধিকাৰ হৈ থাকিব।
উল্লেখযোগ্য যে মঙলবাৰে পুৱা ডেৰাডুনত মেজৰ জেনেৰেল বি চি খান্দুৰীৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৯২ বছৰ। তেওঁৰ অৱসানে ৰাজনৈতিক আৰু সামাজিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে।
বি চি খাণ্ডুৰীয়ে ভাৰতীয় সেনাবাহিনীত মেজৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজনীতিত প্ৰৱেশ কৰাৰ লগতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ স্বচ্ছ ভাবমূৰ্তি আৰু প্ৰশাসনিক ক্ষমতাৰ বাবে তেওঁক বহুলভাৱে সন্মান কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া