
ৱাশ্বিংটন, ২০ মে’ (হি.স.)। আমেৰিকাই নতুন নিষেধাজ্ঞা ঘোষণা কৰাৰ ফলত ইৰাণৰ ওপৰত অৰ্থনৈতিক চাপ বৃদ্ধি পাইছে। শেহতীয়া এই পদক্ষেপে এটা বৈদেশিক মুদ্ৰা কোম্পানী, ইয়াৰ সংশ্লিষ্ট ব্যৱসায়িক নেটৱৰ্ক আৰু কেইবাখনো জাহাজক লক্ষ্য কৰি লৈছে। আমেৰিকা প্ৰশাসনৰ অভিযোগ যে ইৰাণে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় আৰু তেল বাণিজ্য অব্যাহত ৰাখিবলৈ এই চেনেলসমূহ ব্যৱহাৰ কৰিছিল।
আমেৰিকাৰ ট্ৰেজাৰী বিভাগৰ তথ্য অনুসৰি আমিন এক্সচেঞ্জ নামৰ এটা কোম্পানীয়ে ইৰাণৰ বেংকৰ বাবে আন্তঃৰাষ্ট্ৰীয় ধন স্থানান্তৰ আৰু বিদেশী মুদ্ৰাৰ লেনদেনৰ সুবিধা কৰি আছিল। ৱাশ্বিংটনে দাবী কৰে যে এই নেটৱৰ্কে সংযুক্ত আৰব আমিৰশ্বাহী, তুৰস্ক, হংকংকে ধৰি কেইবাখনো দেশক সামৰি লৈছিল আৰু নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ জটিল ব্যৱসায়িক কাঠামো ব্যৱহাৰ কৰিছিল।
আমেৰিকাই কয় যে এই নেটৱৰ্কে ইৰাণৰ প্ৰতিষ্ঠানসমূহক বিশ্বৰ বিত্তীয় ব্যৱস্থাৰ সুবিধা প্ৰদান কৰিছিল। আমেৰিকাৰ বিষয়াসকলৰ মতে, এনেধৰণৰ কাৰ্যকলাপে ইতিমধ্যে ইৰাণৰ বিৰুদ্ধে চলি থকা অৰ্থনৈতিক নিষেধাজ্ঞাক ভেঙুচালি কৰে।
এই কাৰ্য্যৰ অংশ হিচাপে আমেৰিকাই নিষেধাজ্ঞাৰ তালিকাত ১৯খন জাহাজকো সংযোজন কৰিছে। আমেৰিকা প্ৰশাসনৰ অভিযোগ যে এই জাহাজসমূহ ইৰাণৰ তেল আৰু পেট্ৰ’কেমিকেল সামগ্ৰী ৰপ্তানিৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ৱাশ্বিংটনৰ মতে, এই জাহাজসমূহে ইন্ধন শক্তিৰ সামগ্ৰীসমূহ বিভিন্ন দেশলৈ পৰিবহণ কৰি ইৰাণক অৰ্থনৈতিক সুবিধা প্ৰদান কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া