তুৰস্কৰ মালত্যা প্ৰদেশত ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি, আতংকিত লোকসকলৰ খিৰিকী আৰু ছাদৰ পৰা জাঁপ
আংকাৰা (তুৰস্ক), ২০ মে’ (হি.স.): তুৰস্কৰ পূব প্ৰদেশ মালাটিয়াত বুধবাৰে ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । এতিয়ালৈকে কোনো লোক হতাহতি বা বৃহৎ ক্ষতি হোৱাৰ খবৰ পোৱা নাই। কিন্তু কেইবাটাও স্থানত আতংকিত বাসিন্দাসকলে খিৰিকী আৰু ছাদৰ পৰা জঁপি
e7e5097769ea99369bb4398280d5a39f_1819306531.jpg


5dce4659415ac01aa27850b409f30707_1248885315.jpg


আংকাৰা (তুৰস্ক), ২০ মে’ (হি.স.): তুৰস্কৰ পূব প্ৰদেশ মালাটিয়াত বুধবাৰে ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । এতিয়ালৈকে কোনো লোক হতাহতি বা বৃহৎ ক্ষতি হোৱাৰ খবৰ পোৱা নাই। কিন্তু কেইবাটাও স্থানত আতংকিত বাসিন্দাসকলে খিৰিকী আৰু ছাদৰ পৰা জঁপিয়াই একাংশ আহত হয়।

তুৰস্কৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়াসকলৰ মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল বাটালগাজি জিলা। প্ৰায় সাত কিলোমিটাৰ (চাৰি মাইল) গভীৰতাত সংঘটিত হয় এই ভূমিকম্প। চুবুৰীয়া প্ৰদেশ আদিয়ামান, ইলাজিগ, টুনচেলি আৰু ছানলিউৰফাতো কম্পন সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে কৰ্তৃপক্ষই। ক্ষতিগ্ৰস্ত অঞ্চললৈ জৰুৰীকালীন দল প্ৰেৰণ কৰা হৈছে। মালত্য আৰু ইয়াৰ আশে-পাশে থকা প্ৰদেশৰ ভিডিঅ’ ফুটেজত দেখা গৈছে যে মানুহে অট্টালিকাৰ পৰা পলায়ন কৰি খালী ঠাই আৰু উদ্যানত গোট খাইছে।

মালাটিয়াৰ গৱৰ্ণৰ চেডাৰ ইয়াভুজে ৰাজ্যিক সম্প্ৰচাৰক এ হাবাৰক জনোৱা মতে, ভূমিকম্পৰ পিছত জৰুৰীকালীন সেৱাত ২২টা ফোন আহিছিল আৰু ছয়জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। দুজনে আতংকিত হৈ ঘৰৰ ওপৰৰ মহলাৰ পৰা জপিয়াই পৰিল। আন চাৰিজনৰ মানসিক আঘাত হৈছে যদিও কোনো এজনৰ অৱস্থা সংকটজনক নহয়।

তেওঁ খবৰ দিয়ে যে মালত্যৰ ইয়াজিহান জিলাত এটা গৰু-ম’হৰ চাল আংশিকভাৱে ভাঙি গৈছে। ডগান শ্বেহিৰ জিলাত এটা খালী অট্টালিকা ক্ষতিগ্ৰস্ত হয়। তেওঁ কয় যে প্ৰদেশখনৰ বিদ্যালয়সমূহ এদিনৰ বাবে বন্ধ হৈ আছে। ইয়াভুজে কয় যে ২০২৩ চনৰ ভূমিকম্পৰ পিছত পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাই মালত্যক এখন ভূমিকম্প প্ৰতিৰোধী চহৰ কৰি তুলিছে। তেওঁ কয়, আমি ১ লাখ ২৪ হাজাৰ ভূমিকম্প প্ৰতিৰোধী গৃহ নিৰ্মাণ কৰিছো। আজিৰ কোনো বৃহৎ ক্ষতি হোৱাৰ এটা কাৰণ সেইটোৱেই হৈছে। মন কৰিবলগীয়া যে ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত হোৱা ভূমিকম্পত মালত্যাত যথেষ্ট বিধ্বংসী ৰূপ ধাৰণ কৰি হাজাৰ হাজাৰ লোকৰ প্ৰাণহানি হৈছিল।

ইয়াৰ উপৰিও বিশ্ব বিষুৱৰেখাত তুৰস্কৰ চিনচিকৰ পৰা প্ৰায় ১৯ কিলোমিটাৰ উত্তৰত ৫.৪ প্ৰাবল্যৰ ভূমিকম্পৰ বাতৰি পোৱা গৈছে। সংস্থাটোৱে জনোৱা মতে, বুধবাৰে ভূমিকম্পই কঁপাইছিল। ভূমিকম্পৰ ফলত বহু লোকে ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হয়। ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেয়েও এই ভূমিকম্পৰ কথা নিশ্চিত কৰিছে। ভাৰতীয় মানক সময় অনুসৰি পুৱা ১১:৩০ বজাত এই ভূমিকম্পৰ খবৰ পোৱা গৈছে। ভূমিকম্পৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলৰ কেইবাখনো বিদ্যালয় খালী কৰা হয়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande