
শোণিতপুৰ, ২০ মে’ (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ কেইবাটাও কৃষি চক্ৰত শেহতীয়াকৈ বৰো ধানত ভেঁকুৰজাতীয় ৰোগৰ আবিৰ্ভাৱ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা কৃষি বিষয়াৰ নেতৃত্বত বিভাগীয় বিষয়াসকলে দলে ক্ষতিগ্ৰস্ত পথাৰসমূহত পৰিদৰ্শন কৰে ।
বিভাগীয় অনুসন্ধানত দেখা গৈছে যে, জিলাখনৰ কেৱল কিছুমান নিৰ্দিষ্ট পথাৰতহে এই ভেঁকুৰজাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। উল্লেখ্য যে, আক্ৰান্ত এই ধানখিনি কৃষি বিভাগৰ দ্বাৰা যোগান ধৰা বীজ নাছিল, বৰঞ্চ কৃষকসকলে বিভাগীয় অনুজ্ঞাপত্ৰ প্ৰাপ্ত বিপণীৰ পৰাহে ক্ৰয় কৰিছিল। অনুসন্ধানত প্ৰকাশ পোৱা মতে, পথাৰসমূহত বৰো ধানৰ ‘নেক ব্লাষ্ট’ (Neck Blast) নামৰ ভেঁকুৰজাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। কৃষকসকলে প্ৰাৰম্ভিক পৰ্যায়ত বীজ শোধন কৰা নাছিল, লগতে ধান গছত আগতীয়াকৈ লবলগীয়া প্ৰতিৰোধমূলক ঔষধ সময়মতে প্ৰয়োগ কৰা নাছিল । বিপৰীতে, যিসকল কৃষকে বিভাগীয় পৰামৰ্শমতে বীজ শোধন আৰু সঠিক সময়ত প্ৰতিৰোধমূলক ব্যৱস্থা লৈছিল, তেওঁলোকৰ পথাৰসমূহ সুৰক্ষিত হৈ থকা দেখা গৈছে ।
জিলা কৃষি বিষয়া প্ৰদীপ তালুকদাৰে জানিবলৈ দিয়ে যে, ভৱিষ্যতে এনে লোকচানৰ পৰা বাচিবলৈ কৃষকসকলে কঠিয়া পৰাৰে পৰা কৃষি বিভাগৰ কাৰিকৰী পৰামৰ্শসমূহ পালন আহ্বান জনাই । বৰ্তমান এই ৰোগ হোৱা পথাৰসমূহত প্ৰতিটো কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া (ADO) আৰু কৃষি সম্প্ৰসাৰণ সহায়ক (AEA) সকলক উপস্থিত হৈ কৃষকসকলক অনুমোদিত কৃষি পদ্ধতি অৱলম্বনৰ পদ্ধতিসমূহ অৱগত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ।
কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত শস্যৰ বীমা কৰিবলৈ আহ্বান জনাই মহকুমা কৃষি বিষয়া সদৰ ড০ জাকিৰ হুছেইনে । এনে ধৰণৰ সমস্যা হলে কৃষকসকলে ফচল বীমা যোজনাৰ অধীনত উপযুক্ত ক্ষতিপূৰণ লাভ কৰে বুলি সদৰি কৰে মহকুমা কৃষি বিষয়া গৰাকীয়ে । লগতে জিলাখনৰ কৃষক ৰাইজক কোনো ধৰণৰ উৰাবাতৰিত ভীতিগ্ৰস্ত নহৈ পথাৰত যিকোনো অস্বাভাৱিক লক্ষণ দেখিলেই লগে লগে নিজৰ অঞ্চলৰ স্থানীয় কৃষি উন্নয়ন বিষয়া বা কৃষি সম্প্ৰসাৰণ সহায়কসকলক তাৎক্ষণিকভাৱে যোগাযোগ কৰিবলৈ বিভাগীয়ভাৱে আহ্বান জনালে । পৰিদৰ্শনকালত উপস্থিত থাকে প্ৰতিটো কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ লগতে অঞ্চলটোৰ কৃষক ৰাইজ ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ