শোণিতপুৰ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছোচিয়েশনৰ ফাৰ্মাচী বন্ধৰ সমৰ্থন
শোণিতপুৰ, ২০ মে’ (হি.স.)। অনলাইন ঔষধ বিক্ৰী, অবৈধ ফাৰ্মাচীৰ বিৰূদ্ধে অল ইণ্ডিয়া অৰ্গেনাইজেচন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্টছে আহ্বান কৰা দেশজোৰা ধৰ্মঘট কাৰ্যসূচীৰ মিশ্ৰিত প্ৰভাৱ শোণিতপুৰ জিলাত । জৰুৰীকালীন সেৱাৰ বাহিৰে আজি অধিকাংশ ফাৰ্মাচী বন্ধ ৰখা হয়।
Tezpur  Pharmacy Strike

শোণিতপুৰ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছোচিয়েশনে এই বন্ধৰ সমৰ্থন জনাই অনলাইনযোগে ঔষধ বিক্ৰী জনবিৰোধী বুলি মন্তব্য কৰে।ঔষধৰ অনলাইন বিক্ৰী বন্ধৰ লগতে আন কেইবাটাও দাবীৰ সমৰ্থনত শোণিতপুৰ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছোচিয়েশনে জিলা আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে শোণিতপুৰ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছোচিয়েশনৰ সা: সম্পাদক দ্বীপ তামুলীয়ে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ

 rajesh pande