
তামুলপুৰ, ২০ মে (হি.স.)। কুৰবানীত গো-নিধন বন্ধৰ ঐতিহাসিক সিদ্ধান্ত বৃহত্তৰ কুমাৰীকাটা মুছলমান সমাজৰ
তামুলপুৰ জিলাৰ বৃহত্তৰ কুমাৰীকাটা মুছলমান সমাজে কুৰবানীৰ সময়ত গো-নিধন বন্ধ কৰাৰ লগতে সকলো সময়তে গো নিধন বন্ধ কৰাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি কুমাৰীকাটা জামে মছজিদত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সভাখন কুমাৰীকাটা জামে মছজিদৰ সভাপতি মইনুল হ’ক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি, ধৰ্মীয় নেতা তথা স্থানীয় সমাজৰ বহু লোক উপস্থিত থাকে। সম্প্ৰীতি, সামাজিক সদ্ভাৱ আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত পাৰস্পৰিক ভাতৃত্ববোধ অটুট ৰখাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সভাত উল্লেখ কৰা হয়।
সভাত বক্তাসকলে কয় যে, সমাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ সকলো সম্প্ৰদায়ৰ লোকক একেলগে আগবাঢ়ি আহিব লাগিব। বৃহত্তৰ কুমাৰীকাটা মুছলমান সমাজৰ এই সিদ্ধান্তই অঞ্চলটোত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব বুলিও মত প্ৰকাশ কৰে উপস্থিত ৰাইজে।
উক্ত সিদ্ধান্তক লৈ অঞ্চলজুৰি ব্যাপক চৰ্চা আৰম্ভ হোৱাৰ লগতে বিভিন্ন মহলে ইয়াক আদৰণি জনোৱা দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা