
ধুবুৰী, ২০ মে (হি.স.)। ই-ফাৰ্মাচীৰ ব্যৱসায় বন্ধৰ দাবীত আজি দেশজুৰি ফাৰ্মাচী বন্ধ । সমান্তৰাল ভাৱে ধুবুৰী জিলাৰ তামাৰহাটৰো পাইকাৰী আৰু খুচুৰা ঔষধ বিক্ৰেতা সকলে বন্ধ ৰাখিছে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ ।
কেইবাটাও দাবীৰে ফাৰ্মাচী বন্ধৰ আহ্বান জনাইছে অল ইণ্ডিয়া ড্ৰাগিষ্ট এণ্ড কেমিষ্ট এছ’চিয়েচনৰ । ই-ফাৰ্মাচীৰ জৰিয়তে ঔষধ যোগান ব্যৱস্থাত সঠিক নিয়ন্ত্ৰণ নথকা, ভুৱা বা নিম্নমানৰ ঔষধ যোগানৰ অভিযোগত ফাৰ্মাচী বন্ধৰ আহ্বান । আনহাতে প্ৰেছক্ৰিপচন নোহোৱাকৈ ঔষধ যোগানত অসন্তুষ্ট সংগঠনটো ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা