বাৰাণসীত আটক শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়িকাৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ পঞ্চম অভিযুক্ত
কলকাতা, ২০ মে’(হি.স.)। বাৰাণসীৰ পৰা আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ সৈতে জড
Chandranath Rath


কলকাতা, ২০ মে’(হি.স.)। বাৰাণসীৰ পৰা আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰটোত এয়া পঞ্চমটো গ্ৰেপ্তাৰ।

বিষয়াসকলৰ মতে, মঙলবাৰে নিশা বিনয় ৰায় ওৰফে পাপম ৰায় নামৰ ধৃত অভিযুক্তজনক জিম্মাত লোৱা হয়। প্ৰথমে গাজীপুৰ জিলাৰ জামানী অঞ্চলৰ বাসিন্দা যদিও বিগত কেইবাবছৰ ধৰি বাৰাণসীত বাস কৰি সম্পত্তিৰ ব্যৱসায়ত লিপ্ত হৈছিল।

চিবিআইয়ে অভিযুক্তক বাৰাণসীৰ স্থানীয় আদালতত হাজিৰ কৰোৱাত দুদিনৰ ট্ৰেনজিট ৰিমাণ্ডৰ অনুমতি প্ৰদান কৰি অধিক জেৰাৰ বাবে কলকাতালৈ অনা হয়। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, চোৰাংচোৱাৰ তথ্য আৰু প্ৰমাণৰ ভিত্তিত অভিযুক্তক ৰিজাৰ্ভ পুলিচ লাইনছ এলেকাৰ পৰা আটক কৰা হৈছে।

কেণ্টনমেণ্ট থানাত গোচৰ পঞ্জীয়ন আৰু চিকিৎসা পৰীক্ষা কৰাকে ধৰি গ্ৰেপ্তাৰৰ সৈতে জড়িত সকলো আইনী পদ্ধতি সম্পূৰ্ণ কৰে সংস্থাটোৱে। ইয়াৰ পিছতে আদালতত হাজিৰ কৰোৱা হয় অভিযুক্তক। গোচৰটো পশ্চিম বংগ আৰক্ষীৰ পৰা চিবিআইলৈ হস্তান্তৰ কৰা হয়। কেন্দ্ৰীয় সংস্থাটোৱে হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে।

ইয়াৰ পূৰ্বে অভিযুক্ত মায়ংক ৰাজ মিশ্ৰ আৰু বিকি মৌৰ্য (বাক্সাৰ, বিহাৰ), আৰু ৰাজ সিং (বালিয়া, উত্তৰ প্ৰদেশ)ক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্তকাৰী সংস্থাসমূহে বিশ্বাস কৰে যে তেওঁলোক সকলোৱেই ঠিকাভিত্তিক হত্যাকাৰী। মঙলবাৰে চিবিআইয়ে মুজাফ্ফৰনগৰৰ পৰা ৰাজ কুমাৰ সিঙ নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰিয়ালে দাবী কৰিছে যে তেওঁলোকে তেওঁৰ সহ অভিযুক্তৰ সৈতে কোনো ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ বা সম্পৰ্কৰ বিষয়ে অজ্ঞাত।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande