
নতুন দিল্লী, ২০ মে’ (হি.স.)। পৰ্তুগালে মঙলবাৰে আগন্তুক ফিফা বিশ্বকাপ ২০২৬ৰ বাবে নিজৰ দল ঘোষণা কৰে । প্ৰবীণ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে পুনৰবাৰ দলটোক নেতৃত্ব দিব। তেওঁৰ সৈতে ব্ৰুনো ফাৰ্নাণ্ডেছ, বাৰ্নাৰ্ডো ছিলভা, ভিটিনহাকে ধৰি আন কেইবাজনো তাৰকা খেলুৱৈও আছে।
৪১ বছৰীয়া ৰোনাল্ডোৱে নিজৰ কেৰিয়াৰৰ অভিলেখ ষষ্ঠ ফিফা বিশ্বকাপত খেলিব। এই কৃতিত্বৰ জৰিয়তে তেওঁ আৰ্জেণ্টিনাৰ লিয়নেল মেছি আৰু মেক্সিকোৰ গ’লৰক্ষক গুইলাৰমো অচ’য়াৰ সৈতে যোগ দিব।
ইউৰো ২০১৬ চেম্পিয়ন পৰ্তুগালে বিশ্বকাপৰ বাবে গ্ৰুপ কেলৈ টানি অনা হৈছে, য’ত তেওঁলোকে ডি আৰ কংগো, কলম্বিয়া, আৰু উজবেকিস্তানৰ বিৰুদ্ধে খেলিব।
বিশ্বকাপৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে পৰ্তুগালে চিলি আৰু নাইজেৰিয়াৰ বিৰুদ্ধে অনুশীলন মেচ খেলিব। ইয়াৰ পিছত ১৭ জুনত ডি আৰ কংগোৰ বিৰুদ্ধে দলটোৱে অভিযান আৰম্ভ কৰিব।২৩ জুনত উজবেকিস্তানৰ বিৰুদ্ধে আৰু ২৭ জুনত কলম্বিয়াৰ বিৰুদ্ধে খেলখন অনুষ্ঠিত হ’ব।
ফিফা বিশ্বকাপ ২০২৬ৰ বাবে পৰ্তুগালৰ দল
গ’লৰক্ষক : ডিঅ’গো কোষ্টা, জোচে ছা, ৰুই ছিলভা, ৰিকাৰ্ডো ভেলহো
ডিফেণ্ডাৰ: ডিঅ’গো ডালট, মেথিউছ নুনেছ, নেলছন চেমেডো, জোয়াও কান্সেলো, নুনো মেণ্ডেছ, গনচালো ইনাছিঅ’, ৰেনাটো ভেইগা, ৰুবেন ডায়াছ, টমাছ আৰাউজো
মিডফিল্ডাৰ : ৰুবেন নেভেছ, জোয়াও নেভেছ, ভিটিনহা, ব্ৰুনো ফাৰ্নাণ্ডেছ, বাৰ্নাৰ্ডো ছিলভা, জোৱাও ফেলিক্স, ফ্ৰান্সিস্কো ট্ৰিনকাও, ফ্ৰান্সিস্কো কনচেইচ’, চামু কোষ্টা
ফৰৱাৰ্ড : পেড্ৰ’ নেটো, ৰাফেল লিয়াও, গনচালো গুৱেডেছ, গনচালো ৰামোছ, ক্রিষ্টিয়ানো ৰোনাল্ডো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া