আৰ্চেনালৰ প্ৰিমিয়াৰ লীগ ২০২৫-২৬ খিতাপ দখল, মানচেষ্টাৰ চিটিৰ ড্ৰ’ৰ ফলত জয় নিশ্চিত
নতুন দিল্লী, ২০ মে’ (হি.স.)। আৰ্চেনালে প্ৰিমিয়াৰ লীগ ২০২৫-২৬ ৰ খিতাপ দখল কৰিছে । বুধবাৰে মানচেষ্টাৰ চিটি আৰু বৰ্ণমাউথৰ মাজত ১-১ গ’লত ড্ৰ’ হোৱাৰ পিছত আৰ্চেনালৰ ট্ৰফী জয় নিশ্চিত হয়। এই ড্ৰ’ৰ পিছত পেপ গুৱাৰ্ডিঅ’লাৰ দল মানচেষ্টাৰ চিটিয়ে ৭৮ পইণ্ট
आर्सेनल की टीम


নতুন দিল্লী, ২০ মে’ (হি.স.)। আৰ্চেনালে প্ৰিমিয়াৰ লীগ ২০২৫-২৬ ৰ খিতাপ দখল কৰিছে । বুধবাৰে মানচেষ্টাৰ চিটি আৰু বৰ্ণমাউথৰ মাজত ১-১ গ’লত ড্ৰ’ হোৱাৰ পিছত আৰ্চেনালৰ ট্ৰফী জয় নিশ্চিত হয়।

এই ড্ৰ’ৰ পিছত পেপ গুৱাৰ্ডিঅ’লাৰ দল মানচেষ্টাৰ চিটিয়ে ৭৮ পইণ্ট লাভ কৰাৰ বিপৰীতে আৰ্চেনালৰ ৮২ পইণ্ট হয়গৈ। লীগত মাত্ৰ এখন মেচ বাকী থকা অৱস্থাত চিটিয়ে আৰ্চেনালক অতিক্ৰম কৰিব নোৱাৰে।

আৰ্চেনালে শেষবাৰৰ বাবে ২০০৩-০৪ ছিজনত প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছিল। সেই ঐতিহাসিক ‘অজেয়’ ছিজনত আৰ্চেন ৱেংগাৰৰ প্ৰশিক্ষকতাত দলটোৱে গোটেই ছিজনটোত এখনো মেচত পৰাস্ত হোৱা নাছিল।

এই ছিজনত আৰ্চেনালৰ হৈ ভিক্টৰ জিঅ’কেৰেছে সৰ্বাধিক গ’ল দিছিল, ১৪টা গ’ল দিছিল। মাৰ্টিন অডেগাৰ্ড আৰু লিয়াণ্ড্ৰ’ ট্ৰ’ছাৰ্ডে ছটা এছিষ্টেৰে দলটোৰ সফলতাত যথেষ্ট অৰিহণা যোগাইছিল।

গ’লৰক্ষক ডেভিদ ৰায়াই একেৰাহে তৃতীয়বাৰৰ বাবে ১৯খন ক্লীন শ্বীটেৰে গোল্ডেন গ্ল’ভ বঁটা লাভ কৰে।

ইয়াৰ উপৰিও আৰ্চেনালৰ মুখ্য প্ৰশিক্ষক মাইকেল আৰ্টেটাৰ প্ৰথমটো লীগ খিতাপ। ২০১৯ চনত আৰ্টেটাই ক্লাবটোৰ দায়িত্ব লয়।তাৰ পূৰ্বে তেওঁ পেপ গুৱাৰ্ডিঅ’লাৰ সহকাৰী প্ৰশিক্ষক হিচাপে সাড়ে তিনি বছৰ কাম কৰিছিল।

প্ৰিমিয়াৰ লীগৰ খিতাপ জয় কৰাৰ পিছত এতিয়া আৰ্চেনালে ইউএফএ চেম্পিয়নছ লীগ ২০২৫-২৬ৰ ফাইনেলত চকু ৰাখিব, য’ত তেওঁলোকে ডিফেণ্ডিং চেম্পিয়ন পেৰিছ চেণ্ট জাৰ্মেইনৰ বিৰুদ্ধে খেলিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande