টি-২০ মুম্বাই লীগৰ বাবে ঈগল থানে ষ্ট্ৰাইকাৰছৰ দল ঘোষণা, নেতৃত্বত শ্বাৰদুল ঠাকুৰ
থানে (মহাৰাষ্ট্ৰ), ২০ মে’ (হি.স.): ঈগল থানে ষ্ট্ৰাইকাৰছে টি-২০ মুম্বাই লীগ ২০২৬ৰ বাবে বুধবাৰে নিজৰ দল ঘোষণা কৰে । ভাৰতীয় অল ৰাউণ্ডাৰ শাৰদুল ঠাকুৰে পুনৰবাৰ দলটোক নেতৃত্ব দিব। অভিজ্ঞ খেলুৱৈ আৰু যুৱ প্ৰতিভাৰ এক শক্তিশালী মিশ্ৰণেৰে দলটোৱে আগবাঢ়িছে।
ईगल ठाणे स्ट्राइकर्स  लोगो


থানে (মহাৰাষ্ট্ৰ), ২০ মে’ (হি.স.): ঈগল থানে ষ্ট্ৰাইকাৰছে টি-২০ মুম্বাই লীগ ২০২৬ৰ বাবে বুধবাৰে নিজৰ দল ঘোষণা কৰে । ভাৰতীয় অল ৰাউণ্ডাৰ শাৰদুল ঠাকুৰে পুনৰবাৰ দলটোক নেতৃত্ব দিব।

অভিজ্ঞ খেলুৱৈ আৰু যুৱ প্ৰতিভাৰ এক শক্তিশালী মিশ্ৰণেৰে দলটোৱে আগবাঢ়িছে। যোৱা ছিজনত ঈগল থান ষ্ট্ৰাইকাৰছে ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ৮ উইকেটত পৰাস্ত হৈছিল। এইবাৰ খিতাপ জয়ৰ উদ্দেশ্যেৰে খেলপথাৰত প্ৰৱেশ কৰিব দলটোৱে।

দলৰ মালিক ভিকি ৰূপচন্দনীয়ে কয়, আমি এই ছিজনৰ বাবে একত্ৰিত কৰা দলটোৰ ওপৰত অতি সন্তুষ্ট। দলটোত অভিজ্ঞ খেলুৱৈৰ লগতে ডাঙৰ মঞ্চত নিজকে প্ৰমাণ কৰিবলৈ উৎসাহিত হোৱা যুৱ খেলুৱৈও আছে। যোৱাবাৰ আমি ছেমি ফাইনেলত প্ৰৱেশ কৰিলোঁ, আৰু এইবাৰ আমাৰ লক্ষ্য হৈছে খিতাপ জয় কৰা। আমি আত্মবিশ্বাসী যে খেলুৱৈসকলে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব আৰু আমাৰ সমৰ্থকসকলক গৌৰৱান্বিত কৰিব।

১ জুনৰ পৰা ১৩ জুনলৈ অনুষ্ঠিত হ’ব টি-২০ মুম্বাই লীগ। ১ জুনত বান্দ্ৰা ব্লাষ্টাৰছৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব ঈগল থান ষ্ট্ৰাইকাৰছে। পুৰুষৰ শাখাত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব, শীৰ্ষ চাৰিটা দলে ১১ জুনত ছেমি ফাইনেললৈ প্ৰৱেশ কৰিব।

ঈগল থানে ষ্ট্ৰাইকাৰছৰ দলটোত আছে আদিত্য বিনোদ গিৰি, অমৰ্ত্য ৰাজে, অনুজ বিনোদ গিৰি, অথৰ্ব অংকোলেকাৰ, অয়ন মোহিত জৈন, একনাথ দিনেশ কেৰকাৰ, কাৰ্তিক মিথিলেশ মিশ্ৰ, মনন ভাট, ওমকাৰ টুকাৰম তাৰামালে, ৰোহন ৰাজেন্দ্ৰ ঘাগ, চৈৰাজ পাটিল, শাৰদুল ঠাকুৰ, শশীকান্ত একনাথ কদম, শশ্বৱত যোগেশ জগতাপ, শৌন মতিৰাম ৰড্ৰিগেছ, শিৱংশ লল্লন সিং, সিদ্ধান্ত মনোজ সিং, সুমেৰ সম্ৰাট জাবেৰী, বিনয় সুৰেশ কুঁৱৰ, আৰু ধনয় পাৰেখ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande