
লাহোৰ, ২০ মে’ (হি.স.)। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ পূর্বে পাকিস্তান ক্ৰিকেট দলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ অ’পেনাৰ ফখৰ জামান আৰু ছেম আয়ুব আঘাতৰ বাবে তিনিখন এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছে।
বুধবাৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰে যে দুয়োগৰাকী খেলুৱৈকে মেডিকেল পেনেলৰ তত্বাৱধানত পুনৰ্বাসন কাৰ্যসূচীৰ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে আঘাতৰ ভয়াৱহতা বা ঘূৰি অহাৰ সম্ভাৱ্য তাৰিখ সন্দৰ্ভত কোনো তথ্য ব’ৰ্ডে প্ৰদান কৰা নাই।
৩০ মে’ৰ পৰা ৰাৱালপিণ্ডিত অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত এদিনীয়া শৃংখলা আৰম্ভ হ’ব আৰু বাকী দুখন মেচ ২ আৰু ৪ জুনত লাহোৰত অনুষ্ঠিত হ’ব।
ইয়াৰ পূৰ্বে আঁঠুৰ দীৰ্ঘদিনীয়া সমস্যাৰ বাবে ফখৰ জামানে কেইবাখনো মেচত অংশ ল’ব নোৱাৰিলে। ইফালে পাকিস্তান ছুপাৰ লীগৰ সময়ত ছেম আয়ুবে গোৰোহাত পুনৰ আঘাত পোৱা বুলি জানিব পৰা গৈছে।
যোৱা বছৰৰ জানুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলৰ সময়ত ফিল্ডিং কৰি থকাৰ সময়তে ছাইম আয়ুবে সোঁ ভৰিৰ গোৰোহা ভাঙিছিল। দীৰ্ঘদিন অনুপস্থিতিৰ অন্তত জাতীয় দললৈ ঘূৰি আহিছিল যদিও পাকিস্তান ছুপাৰ লীগত তেওঁৰ প্ৰদৰ্শন আশানুৰূপ নাছিল।
টি-২০ বিশ্বকাপৰ পিছত বাংলাদেশত খেলা এদিনীয়া শৃংখলাৰ বাবেও ছেম দলৰ অংশ নাছিল। সেই শৃংখলাৰ বাবেও ফখৰ জামানক নিৰ্বাচিত কৰা হোৱা নাছিল, য’ত পাকিস্তান ১-২ ব্যৱধানত পৰাস্ত হৈছিল।
দুয়োজন বাওঁহাতৰ বেটছমেনে শেষবাৰৰ বাবে ২০২৫ চনৰ নৱেম্বৰ মাহত শ্ৰীলংকাৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাত খেলিছিল।
এতিয়া সাহিবজাদা ফাৰহানক অষ্ট্ৰেলিয়া ছিৰিজৰ বাবে দলত ৰখা হ’ব পাৰে। বাবৰ আজমক অপেনাৰ হিচাপেও বিবেচনা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া