

শোণিতপুৰ, ২০ মে' (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ে দক্ষিণ কোৰিয়াৰ হুণ্ডাই মটৰ কোম্পানীৰ সৈতে যোৱা ১৫ মে’ তাৰিখে নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত কৰে। এই চুক্তিৰ উদ্দেশ্য হৈছে হুণ্ডাই চেণ্টাৰ অৱ এক্সেলেন্সৰ অধীনত গৱেষণামূলক কাম-কাজ চলোৱা বিশেষকৈ বৈদ্যুতিক বাহন, বেটাৰী প্ৰযুক্তি, বেটাৰী ব্যৱস্থাপনা ব্যৱস্থা, শক্তি সংৰক্ষণ আৰু সুৰক্ষা আৰু বিদ্যুৎকৰণ আৰু বহনক্ষম গতিশীলতা আদিৰ ওপৰত গৱেষণা কৰা।
উল্লেখযোগ্য যে হুণ্ডাই মটৰ কোম্পানীৰ লগত চুক্তি স্বাক্ষৰ কৰা তেজপুৰ বিশ্ববিদ্যালয় ভাৰতৰ একমাত্ৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে। এই সহযোগিতাই বেটাৰী প্ৰযুক্তি আৰু বৈদ্যুতিক বাহনৰ গৱেষণাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। এই চুক্তিৰ জৰিয়তে হুণ্ডাইয়ে প্ৰায় ১৬.৩৭ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই বুজাবুজিৰ চুক্তিখন বিশ্ববিদ্যালয়খনৰ এটা আগশাৰীৰ অটোম’বাইল কোম্পানীৰ সৈতে কৰা প্ৰথম গৱেষণামূলক চুক্তি। চুক্তি স্বাক্ষৰ অনুষ্ঠানত হুণ্ডাই মটৰ গ্ৰুপৰ উপ-সভাপতি আৰু হুণ্ডাই চেণ্টাৰ অৱ এক্সেলেন্সৰ সহ-সভাপতি ড০ চাং হুৱান কিম আৰু হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক তৰুণ গাৰ্গকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এই অনুষ্ঠানত উপস্থিত থাকে সম উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস; গৱেষণা আৰু উন্নয়নৰ ডীন আৰু অধ্যাপক সৌমিক ৰয় আৰু হুণ্ডাই চেণ্টাৰ অৱ এক্সেলেন্সৰ মুখ্য গৱেষক আৰু সমন্বয়ক ড০ মনশ্বিতা বৰা।তেজপুৰ বিশ্ববিদ্যালয় আইআইটি দিল্লী, আইআইটি বম্বে, আইআইটি মাদ্ৰাজ, আইআইটি কানপুৰ, আইআইটি হায়দৰাবাদ, আৰু ভিএনআইটি নাগপুৰকে ধৰি হুণ্ডাই চেণ্টাৰ অৱ এক্সেলেন্সৰ প্ৰিমিয়াৰ পাৰ্টনাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন হিচাপে পৰিগণিত হৈছে। এই চুক্তিৰ জৰিয়তে উন্নত গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ে নিজৰ স্থান আৰু অধিক শক্তিশালী কৰিব পাৰিব ৱুলি আশা কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ