
নতুন দিল্লী, ২০ মে’ (হি.স.)। উচ্চতম ন্যায়ালয়ে জাতিভিত্তিক লোকপিয়লৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদন নাকচ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে এইটো চৰকাৰৰ এক নীতিগত সিদ্ধান্ত আৰু ইয়াত হস্তক্ষেপ কৰাৰ কোনো কাৰণ নাই।
আবেদনখনত দাবী কৰা হৈছিল যে আগন্তুক লোকপিয়লত জাতিভিত্তিক গণনা অন্তৰ্ভুক্ত কৰা উচিত নহয়, কিয়নো ইয়াৰ অপব্যৱহাৰ হ ব পাৰে। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে চৰকাৰে জানিব লাগিব যে পিছপৰা জাতিৰ কিমান লোক আছে যাতে তেওঁলোকৰ কল্যাণৰ বাবে আঁচনি প্ৰস্তুত কৰিব পৰা যায়।
আদালতে কয় যে লোকপিয়ল জাতিভিত্তিক নে নহয় সেয়া সম্পূৰ্ণৰূপে চৰকাৰৰ নীতিৰ বিষয়। আদালতে হস্তক্ষেপ কৰাৰ প্ৰয়োজন অনুভৱ নকৰে, সেয়েহে এই পি. আই. এল. নাকচ কৰা হয়। সুধাকৰ গুমুলাই এই আবেদন দাখিল কৰিছিল।
--------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ