কোকৰাঝাৰত জিলাখনৰ বিভিন্ন বিভাগসমূহৰ ৰাজহ সংগ্ৰহৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে মাহিলী ৰাজহ সংগ্ৰহ সভা
কোকৰাঝাৰ জিলা আয়ুক্ত ড° পি. উদয় প্ৰবীণৰ সভাপতিত্বত জিলাখনৰ বিভিন্ন বিভাগসমূহৰ ৰাজহ সংগ্ৰহৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে মাহিলী ৰাজহ সংগ্ৰহ সভা অনুষ্ঠিত কৰা হয়।

কোকৰাঝাৰ, ২০ মে’ (হি.স.): আজি কোকৰাঝাৰ জিলা আয়ুক্ত ড° পি. উদয় প্ৰবীণৰ সভাপতিত্বত জিলাখনৰ বিভিন্ন বিভাগসমূহৰ ৰাজহ সংগ্ৰহৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে মাহিলী ৰাজহ সংগ্ৰহ সভা অনুষ্ঠিত কৰা হয় ।

সভাত জিলা আয়ুক্তগৰাকীয়ে বিভাগভিত্তিক ৰাজহ সংগ্ৰহৰ প্ৰদৰ্শনৰ বিস্তৃত পৰ্যালোচনা কৰে আৰু নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে সংগৃহীত ৰাজহৰ অগ্ৰগতি মূল্যায়ন কৰি যিসমূহ ক্ষেত্ৰত ঘাটতি পৰিলক্ষিত হৈছে সেইসমূহ চিনাক্ত কৰে। দক্ষ আৰু ফলপ্ৰসূ ৰাজহ সংগ্ৰহৰ গুৰুত্ব উল্লেখ কৰি তেওঁ সংশ্লিষ্ট বিভাগসমূহক ৰাজহ সংগ্ৰহ ব্যৱস্থা অধিক শক্তিশালী কৰা, আন্তঃবিভাগীয় সমন্বয় বৃদ্ধি কৰা আৰু সময়মতে ৰাজহ সংগ্ৰহৰ লক্ষ্য পূৰণ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে ।

উক্ত সভাত অতিৰিক্ত জিলা আয়ুক্ত তথা গোঁসাইগাঁও মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি এল. নেলচন মাংগাঞ্চা, পৰ্বতঝোৰা মহকুমাধিপতি হৰে কৃষ্ণ ডেকা, লগতে অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ), আবকাৰী অধীক্ষক, জিলা পৰিবহণ বিষয়া আৰু বিভিন্ন সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande