প্ৰধানমন্ত্ৰী মোডীৰ ইটালী ভ্ৰমণঃ ৰোমৰ পৰা শ্বেয়াৰ কৰে ফটো, ‘ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ’ চৰ্চাৰ কেন্দ্ৰবিন্দু
ৰোম (ইটালী), ২০ মে’(হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাঁচখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত মঙলবাৰে ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হয়। আজি স্বদেশলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলাক সৌজন্যমূলক সাক্ষ
भारत के प्रधानमंत्री नरेन्द्र मोदी ने इटली की राजधानी रोम पहुंचने के तत्काल बाद के चार फोटो एक्स पर साझा किए हैं। इसी पोस्ट में उन्होंने रोम पहुंचने की जानकारी साझा की है।


भारत के प्रधानमंत्री नरेन्द्र मोदी ने इटली की राजधानी रोम पहुंचने के तत्काल बाद के चार फोटो एक्स पर साझा किए हैं। इसी पोस्ट में उन्होंने रोम पहुंचने की जानकारी साझा की है।


भारत के प्रधानमंत्री नरेन्द्र मोदी ने इटली की राजधानी रोम पहुंचने के तत्काल बाद के चार फोटो एक्स पर साझा किए हैं। इसी पोस्ट में उन्होंने रोम पहुंचने की जानकारी साझा की है।


भारत के प्रधानमंत्री नरेन्द्र मोदी ने इटली की राजधानी रोम पहुंचने के तत्काल बाद के चार फोटो एक्स पर साझा किए हैं। इसी पोस्ट में उन्होंने रोम पहुंचने की जानकारी साझा की है।


ৰোম (ইটালী), ২০ মে’(হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাঁচখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত মঙলবাৰে ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হয়। আজি স্বদেশলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলাক সৌজন্যমূলক সাক্ষাৎ কৰি ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। তেওঁ অন্যান্য উচ্চ পৰ্যায়ৰ কূটনৈতিক যোগাযোগতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ মতে ইটালী ভ্ৰমণৰ এটা মূল উদ্দেশ্য হৈছে ‘ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ’ৰ বিষয়ে চৰ্চা কৰা।

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজৰ ইনষ্টাগ্রাম একাউণ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রায় সাত ঘণ্টা পূর্বে তেওঁৰ ৰোম আগমনৰ তথ্য আৰু চাৰিখন স্মৰণীয় ফটো শ্বেয়াৰ কৰিছিল ৷ তেওঁ লিখিছে, মই ইটালীৰ ৰোমত উপস্থিত হৈছো। ৰাষ্ট্ৰপতি চাৰ্জিঅ' মাটাৰেলা আৰু প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল'নিৰ সৈতে সাক্ষাৎ কৰি আলোচনা কৰিম। এই ভ্ৰমণৰ মূল কেন্দ্ৰবিন্দু হ’ব ভাৰত আৰু ইটালীৰ মাজত সহযোগিতা শক্তিশালী কৰা, ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি)ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। যৌথ কৌশলগত কাৰ্য্য পৰিকল্পনা ২০২৫-২০২৯ৰো পৰ্যালোচনা কৰা হ’ব। লগতে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰিম। ইয়াৰ দ্বাৰা বহুপক্ষীয়তাবাদ আৰু বিশ্ব খাদ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা আৰু অধিক শক্তিশালী হ’ব।

ইটালীৰ ৰাজধানীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে টুইটাৰযোগে লিখিছে, “মোৰ বন্ধু ৰোমলৈ স্বাগতম!” উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত দ্ৰুতগতিত শক্তিশালী হৈ উঠা কৌশলগত অংশীদাৰিত্বৰ মাজতে প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণ। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ চনৰ জুন মাহত জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে ইটালী ভ্ৰমণ কৰিছিল।

‘ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ’ কিয় বিশেষ

প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ শীৰ্ষ নেতৃত্বৰ সৈতে এই কৰিড’ৰৰ বিষয়ে আলোচনা কৰাৰ কথা। এই কৰিডৰটো বহু দিশত অতি বিশেষ। প্ৰথমতে, ই এক অভিলাষী বহু-মডাল সংযোগ প্ৰকল্প। ইয়াৰ লক্ষ্য হৈছে সামুদ্ৰিক, ৰেল, আৰু পথ নেটৱৰ্কৰ জৰিয়তে ভাৰত, মধ্যপ্ৰাচ্য, আৰু ইউৰোপৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সংহতিৰ প্ৰসাৰ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনত ঘোষণা কৰা হৈছিল।কৰিডৰটো দুটা মূল খণ্ডত বিভক্ত। প্ৰথমটো হ’ল ইষ্টাৰ্ণ কৰিডৰ। ই ভাৰতীয় বন্দৰসমূহক মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সৈতে (যেনে সংযুক্ত আৰব আমিৰশ্বাহী আৰু চৌদি আৰৱ) সাগৰীয় পথেৰে সংযোগ কৰে। উত্তৰ কৰিডৰটোৱে ছৌদি আৰব আৰু জৰ্ডানৰ মাজেৰে ৰে’লযোগে ইজৰাইলৰ হাইফা বন্দৰলৈ যাত্ৰা কৰিব, য’ৰ পৰা ইয়াক সাগৰীয় পথেৰে ইউৰোপীয় বন্দৰলৈ পৰিবহণ কৰা হ’ব। এই পদক্ষেপত ভাৰত, সংযুক্ত আৰব আমিৰশ্বাহী, চৌদি আৰব, আমেৰিকা, ফ্ৰান্স, জাৰ্মানী, ইটালী, ইজৰাইল আদি অন্তৰ্ভুক্ত। এই কৰিডৰটো কেৱল মালবাহী পৰিবহণতে সীমাবদ্ধ নাথাকিব; ইয়াৰ উপৰিও ইণ্টাৰনেট আৰু ডাটা সংযোগৰ বাবে এটা উচ্চ গতিৰ চাবমেৰিন কেবল অন্তৰ্ভুক্ত কৰা হ’ব। এই নতুন পৰিবহণ পদ্ধতিয়ে ভাৰত আৰু ইউৰোপৰ মাজত বাণিজ্যিক সময় বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande