
নলবাৰী, ২০ মে’ (হি.স.): নলবাৰী জিলাৰ টিহুৰ নতুন বনিয়াকুছিত যোৱা কালি বিয়লি নিজ খুড়াকৰ কামনাৰ বলি হ’ল এগৰাকী নাবালিকা । ৮ বছৰীয়া তৃতীয় শ্ৰেণীত অধ্যয়নৰত অবুজ নাবালিকা গৰাকী বাসভৱনৰ ভিতৰতে এই কামনাৰ বলি হয় নিজ খুড়াকৰ । ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি এই কুকাণ্ড সংঘটিত কৰে লম্পট খুড়াক দীপজ্যোতি দাসে ।
এই জঘন্য কাণ্ড নাবালিকা গৰাকীৰ মাতৃয়ে প্ৰত্যক্ষ কৰাৰ পিচতে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত । লম্পট দীপজ্যোতি দাসক আটক কৰি টিহু আৰক্ষীক গতাই দিয়ে স্থানীয় গঞাই । ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে টিহু থানাৰ চৌহদ । বৰ্তমান টিহু আৰক্ষীৰ জিন্মাত আছে জঘন্য কাণ্ড কৰা লম্পট দীপজ্যোতি দাস । ইফালে নাবালিকা গৰাকীক টিহু আৰক্ষীয়ে তৎক্ষণাত নলবাৰী মেডিকেল কলেজলৈ স্বাস্থ্য় পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ