
হোজাই, ২০ মে (হি.স.)। ধৰ্মৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য দি হোজাই আৰক্ষীৰ জালত এজন ব্যক্তি।
হিন্দু ধর্মৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য দিছিল হোজাই গোপাল নগৰৰ মুস্তাফা উদ্দিন নামৰ এজন ব্যক্তিয়ে।
কুৰবাণীৰ বাবে গৰু ক্ৰয় কৰি হিন্দু ধৰ্মৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়াইছিল মুস্তাফাই।
এই মন্তব্য সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।।
মূৰ্তি পূজা, আনকাঁহী মন্ত্ৰ, কুৰবাণী আদি সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল মুস্তাফাই।
পৰৱৰ্তী সময়ত একাংশ সচেতন লোকৰ এজাহাৰৰ ভিত্তিত হোজাই আৰক্ষীয়ে আটক কৰে মুস্তাফা উদ্দিনক।
বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা