
কাঠমাণ্ডু, ২০ মে’(হি.স.)। হুমলাৰ হিমালয় জিলাৰ চানখেলিৰ নেপালৰ নেপকা গাঁৱত আজি পুৱা হঠাৎ হোৱা বৰষুণৰ ফলত হোৱা বানপানী আৰু পৰৱৰ্তী সময়ত হোৱা ভূমিস্খলনে চানখেলি ডানফেৰ বিদ্যালয় ভৱনৰ লগতে কাষৰীয়া কেইবাটাও ঘৰৰ ক্ষতিসাধন কৰে।
চানখেলি বাসিন্দা ছক বাহাদুৰ তামাঙে জনোৱা মতে, প্ৰবল সোঁতে উটুৱাই লৈ যায় বিদ্যালয় ভৱন, কৃষিভূমি, পশুধন।
ভূমিস্খলনৰ ফলত চানখেলি ৱাৰ্ড মুৰব্বী হৰকধন তামাং আৰু ধনসিং তামাঙৰ ঘৰ-দুৱাৰ আৰু পশুধন সমাধিস্থ হয়। তাত উপস্থিত থকা ভেড়া আৰু ছাগলীৰো ক্ষতিসাধন হয়।
জিলা আৰক্ষী কাৰ্যালয়ৰ মুৰব্বী ডি এছ পি শংকৰ খাডকাই উল্লেখ কৰে যে বান আৰু ভূমিস্খলনৰ ফলত হোৱা মুঠ ক্ষয়-ক্ষতিৰ বিতং বিৱৰণ এতিয়াও পোৱা নাই। তেওঁ জনোৱা মতে, ভূমিস্খলন ক্ষতিগ্ৰস্ত অঞ্চললৈ আৰক্ষীৰ এটা দল ৰাওনা হৈছে।
হুমলাৰ মুখ্য কাৰ্যালয় ছিমকোটৰ উত্তৰ-পূবত অৱস্থিত চানখেলি গাঁও পৌৰসভাই চাৰিখন গাঁও সামৰি লৈছে: টাল্লো পালি, মাটিলো পালি, পিপ্লাং আৰু নেপকা।
গাঁৱৰ মাজমজিয়া পিপলাঙৰ পৰা বহু দূৰত অৱস্থিত নেপকা নামৰ গাঁওখনলৈ যাবলৈ পাঁচ ঘণ্টাৰ ট্ৰেকিং কৰিব লাগে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া