
নলবাৰী, ২০ মে (হি.স.)। আজি নলবাৰী চহৰত চলিল পৌৰসভাৰ উচ্ছেদ অভিযান৷নলবাৰী চহৰৰ পদপথত চলিল এই উচ্ছেদ অভিযান।
দীৰ্ঘদিনৰ পৰা একাংশ ব্যবসায়ীয়ে চহৰৰ ফুটপাথ দখল কৰি ব্যবসায় চলাই আহিছিল৷
এই সন্দৰ্ভত নলবাৰী পৌৰসভাই ব্যবসায়ী সকলক উদ্দেশ্য কৰি বাৰম্বাৰ জাননী প্ৰেৰণ কৰিছিল৷
কিন্ত ব্যবসায়ী সকলে এই কথাত আওকাণ কৰি ফুটপাথত ব্যবসায় চলাই থকাৰ পিছত আজি নলবাৰী পৌৰসভাৰ লগতে নলবাৰী জিলা প্ৰশাসনে এইদৰে উচ্ছেদ অভিযান চলাই৷বজাৰৰ বাবে স্থান নিৰ্ধাৰণ কৰি দিয়াৰ পিছতো একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে যতে ততে ফুটপাথ দখল কৰি ব্যৱসায় চলাই আহিছিল।আৰু আছি এইদৰে উচ্ছেদ কৰা এই সকল ব্যৱসায়ীক।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা