
গুৱাহাটীী, ২০ মে (হি.স.)। চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ গোষ্ঠী সংঘৰ্ষই লৈছে জটিল ৰূপ ৷ মনিপুৰৰ সংঘৰ্ষজনিত জটিল পৰিস্থিতিৰ বাবে আবদ্ধ হৈ পৰিছে বিভিন্ন কামৰ বাবে মনিপুৰলৈ যোৱা শ শ লোক।এইবাৰ অসমৰ পৰা এন চি চি ৰ প্ৰশিক্ষণ লৱলৈ যোৱা অসমৰ-ছাত্ৰীৰ এটি বৃহৎ দলো হৈ পৰিছে আৱদ্ধ ৷ ৰাজ্য খনত চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ জটিল পৰিস্থিতিৰ বাবেই কালিৰে পৰা ৰাজ্যখনত বাহিৰৰ মনুহ সোমোৱা আৰু ৰজ্যৰ ভিতৰৰ পৰা মানুহ ওলাই যোৱাত বাধা আৰোপ কৰা হৈছে ৷
যাৰ ফলত অসমৰ বিভিন্ন জিলাৰ পৰা ৰাজ্য খনৰ ৰাজধানী চহৰ ইম্ফললৈ এন চি চ ৰ উচ্চ খাপৰ প্ৰশিক্ষণ লবলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ এটা বৃহৎ দল মনিপুৰতে আৱদ্ধ হৈ পৰিছে ৷ গুৱাহাটী, যোৰহাট আদি বিভিন্ন কলেজ, বিশ্ব বিদ্যালয়ৰ পৰা দহ দিন পূৰ্বে ৰেলযোগে এন চি চ ৰ উচ্চ খাপৰ প্ৰশিক্ষন লবলৈ ইম্ফললৈ যোৱা ছাত্ৰছাত্ৰীৰ দ’লটো আজি ৰে’লযোগে উভটি অহাৰ কথা আছিল যদিও পৰিস্থিতি গম্ভীৰ হোৱা বাবে প্ৰশাসনে কোনো লোকক ৰাজ্যৰ বাহিৰে ভিতৰে ওলোৱা সোমোৱাত বাধা আৰোপ কৰাৰ বাবে আগতীয়াকৈ বুক কৰা ৰে’লৰ টিকট বাতিল কৰিব লগা হৈছে ৷ যাৰ ফলত অসমৰ ছাত্ৰছাত্ৰীৰ দ’লটো অনিৰ্দিষ্ট কাললৈ মনিপুৰতে আৱদ্ধহৈ থাকিব লগা হৈছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা