
নগাঁও, ২০ মে (হি.স.)। কোৰবানী ঈদৰ প্ৰাকক্ষণত পশ্চিমবংগৰ পাছত এইবাৰ মধ্য অসমতো একচন মোড'ত অসম আৰক্ষীৰ অভিযান।
নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীৰ অভিযানত জব্দ হয় পাঁচখন গৰু ভৰ্তি বাহন। আৰক্ষীয়ে বাহনসমূহৰ পৰা মুঠ ১৭টা গৰু উদ্ধাৰ কৰে। বটদ্ৰৱাৰ অৰ্ধসাপ্তাহিক শান্তিজান বজাৰৰ পৰা গৰু ক্ৰয়-বিক্ৰয় কৰি নিয়াৰ পথত বাহনসমূহ জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে, পশ্চিমবংগ চৰকাৰে কোৰবানী ঈদ উপলক্ষে ১৪ বছৰৰ ঊর্ধ্বৰ গৰু ব্যৱহাৰ সন্দৰ্ভত এছ অ পি জাৰি কৰাৰ পিছতে অসমতো এই এছ অ পি প্ৰযোজ্য হ’ব নেকি তাক লৈ ব্যাপক আলোচনা আৰম্ভ হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা