নেপালী সংসদত প্লেকাৰ্ড লৈ বিৰোধী দলসমূহৰ প্ৰতিবাদ অব্যাহত
কাঠমাণ্ডু, ২০ মে’ (হি.স.)। নেপালী সংসদৰ অধ্যক্ষ ডি.পি. আৰিয়ালৰ পৰা সতৰ্কবাণী পোৱাৰ পিছতো বিৰোধী দলৰ সদস্যসকলে সদনৰ ভিতৰত প্লেকাৰ্ড লৈ প্ৰতিবাদ অব্যাহত ৰাখিছিল। শ্রমিক সাংস্কৃতিক দলৰ সভাপতি তথা সংসদ সদস্য হর্ক সাম্পাঙে বলেন্দ্র শ্বাহ চৰকাৰক সংসদৰ
नेपाल के संसद में विपक्षी दलों का विरोध


কাঠমাণ্ডু, ২০ মে’ (হি.স.)। নেপালী সংসদৰ অধ্যক্ষ ডি.পি. আৰিয়ালৰ পৰা সতৰ্কবাণী পোৱাৰ পিছতো বিৰোধী দলৰ সদস্যসকলে সদনৰ ভিতৰত প্লেকাৰ্ড লৈ প্ৰতিবাদ অব্যাহত ৰাখিছিল।

শ্রমিক সাংস্কৃতিক দলৰ সভাপতি তথা সংসদ সদস্য হর্ক সাম্পাঙে বলেন্দ্র শ্বাহ চৰকাৰক সংসদৰ প্রতি জবাবদিহিতাহীন বুলি অভিযোগ উত্থাপন কৰি প্রতিনিধি সদনৰ ভিতৰত প্রতিবাদ অব্যাহত থাকিব বুলি সকীয়াই দিয়ে৷

বুধবাৰে প্ৰতিনিধি সদনৰ বৈঠকত ভাষণ দি সাম্পাঙে আগন্তুক বিত্তীয় বৰ্ষৰ চৰকাৰৰ নীতি আৰু কাৰ্যসূচী সন্দৰ্ভত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ অনুপস্থিতি অব্যাহত থকাত আপত্তি প্ৰকাশ কৰে।

তেওঁ উল্লেখ কৰে যে সংসদ জনসাধাৰণৰ মাত উঠাৰ মঞ্চ আৰু চৰকাৰে সদনৰ ওচৰত জবাবদিহি হৈ থাকিব লাগিব। সম্পাঙে উল্লেখ কৰে যে একেৰাহে সাত দিন ধৰি সংসদৰ ভিতৰত প্লেকাৰ্ড আৰু পমফ্লেট লৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে শ্ৰামিক সাংস্কৃতিক পাৰ্টিয়ে।

চৰকাৰে সংসদৰ ওচৰত দায়িত্ব আৰু জবাবদিহিতা প্ৰদৰ্শন নকৰালৈকে প্ৰতিবাদী অভিযান অব্যাহত থাকিব বুলি তেওঁ সকীয়াই দিয়ে। চৰকাৰৰ গোচৰত সংসদীয় নিয়ম সঠিকভাৱে পালন নকৰাৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে।

সাম্পাঙৰ মতে যিহেতু প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকল নিজেই সংসদীয় ব্যৱস্থাৰ পৰা আহিছে, সেয়েহে সংসদৰ আগত জবাবদিহি হোৱা উচিত। তেওঁ আৰু দাবী কৰে যে সদনত প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ উপস্থিতি নিশ্চিত কৰিবলৈ অধ্যক্ষ আৰিয়ালে নিৰ্দেশনা জাৰি কৰক।

ইয়াৰ পূৰ্বে অধ্যক্ষ আৰয়ালে সাংসদসকলক অব্যাহত থকা প্ৰতিবাদৰ বাবে সংসদীয় কাৰ্য্যবিধি ব্যাহত হ’লে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande