বহুজাতিক সামৰিক অনুশীলন প্ৰগতি ২০২৬ আৰম্ভ, মেঘালয়ৰ উমৰোইত সমবেত ১২খন দেশৰ সেনাবাহিনী
শিলচৰ, ২০ মে’, (হি.স.): মেঘালয়ৰ উমৰোই সামৰিক কেন্দ্ৰত মঙলবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে প্ৰগতি ২০২৬। ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, ছিচেলছ, শ্ৰীলংকা, ভিয়েটনামকে ধৰি ১২খন বন্ধুত্বপূৰ্ণ
मेघालय के उमरोई सैन्य स्टेशन पर शुरू हुए बहुराष्ट्रीय सैन्य अभ्यास ‘प्रगति 2026’ की तस्वीर।


শিলচৰ, ২০ মে’, (হি.স.): মেঘালয়ৰ উমৰোই সামৰিক কেন্দ্ৰত মঙলবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে প্ৰগতি ২০২৬। ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, ছিচেলছ, শ্ৰীলংকা, ভিয়েটনামকে ধৰি ১২খন বন্ধুত্বপূৰ্ণ দেশৰ সেনাই এই বহুজাতিক সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিছে।

ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু আতিথ্য প্ৰতিফলিত কৰি ভাৰতীয় সেনাই সকলো বিদেশী দললৈ পৰম্পৰাগত আদৰণি জনায়। প্ৰগতিৰ অৰ্থ হ'ল ভাৰত মহাসাগৰ অঞ্চলত বৃদ্ধি আৰু পৰিৱৰ্তনৰ বাবে আঞ্চলিক সেনাৰ অংশীদাৰিত্ব। সমতা, বন্ধুত্ব, পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই অনুশীলন চলোৱা হৈছে।

উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সামৰিক বিষয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (পদাহী বাহিনী) মেজৰ জেনেৰেল সুনীল শ্বেওৰানে অংশগ্ৰহণ কৰা সকলো দেশৰ দলক আদৰণি জনাই সাম্প্ৰতিক নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সামূহিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে সকলো দেশেই ইজনে সিজনৰ অভিজ্ঞতাৰ পৰা মুকলি মন আৰু পাৰস্পৰিক সন্মানেৰে শিকিব লাগে।

বিষয়াসকলৰ মতে, এই সামৰিক অনুশীলনৰ মূল উদ্দেশ্য হৈছে অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত যৌথ অভিযানত সমন্বয় উন্নত কৰা, পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰা, আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু চোৰাংচোৱাৰ বিনিময় শক্তিশালী কৰা।

দুসপ্তাহজোৰা এই অনুশীলনত অৰ্ধ পাহাৰীয়া আৰু বনাঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। প্ৰশিক্ষণ কাৰ্যসূচীত যৌথ পৰিকল্পনা অনুশীলন, কৌশলগত পৰ্যায়ৰ অনুশীলন, আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিত সৈনিকসকলৰ সহনশীলতা, অভিযোজন ক্ষমতা আৰু কৌশলগত দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে সমন্বিত অভিযান অন্তৰ্ভুক্ত কৰা হয়।

এই অনুশীলনৰ সময়ত ভাৰতীয় প্ৰতিৰক্ষা আৰু প্ৰযুক্তি কোম্পানীসমূহে আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ অধীনত থলুৱা সামৰিক সঁজুলি আৰু প্ৰযুক্তিগত উদ্ভাৱনসমূহো প্ৰদৰ্শন কৰিব। ইয়াৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীলতা আৰু প্ৰযুক্তিগত সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব।

বিষয়াসকলে আশা প্ৰকাশ কৰে যে ‘প্ৰগতি ২০২৬’ই আঞ্চলিক অংশীদাৰ দেশসমূহৰ মাজত সামৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰিব আৰু উমৈহতীয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সামূহিক কৌশল প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande