হাটশিঙিমাৰীত চুৰি বাইক উদ্ধাৰ, এটা চোৰ আটক
মানকাচৰ, ২০ মে (হি.স.)। হাটশিঙিমাৰীত চুৰি বাইক উদ্ধাৰ । এগৰাকী চোৰ আটক। মঙ্গলবাৰৰ দিনা দুপৰীয়া হাটশিঙিমাৰীস্থ জিলা চিকিৎসালয়ৰ পৰা চুৰি হোৱা বাইক এখন প্ৰায় চাৰি ঘণ্টাৰ মুৰত পাৰ্শ্বৱৰ্তী মেঘালয়ৰ বেলবাৰীৰ পৰা উদ্ধাৰ হোৱা ঘটনাই আৰক্ষীৰ এক সফল অভিযা
হাটশিঙিমাৰীত চুৰি বাইক উদ্ধাৰ, এটা চোৰ আটক


মানকাচৰ, ২০ মে (হি.স.)। হাটশিঙিমাৰীত চুৰি বাইক উদ্ধাৰ । এগৰাকী চোৰ আটক।

মঙ্গলবাৰৰ দিনা দুপৰীয়া হাটশিঙিমাৰীস্থ জিলা চিকিৎসালয়ৰ পৰা চুৰি হোৱা বাইক এখন প্ৰায় চাৰি ঘণ্টাৰ মুৰত পাৰ্শ্বৱৰ্তী মেঘালয়ৰ বেলবাৰীৰ পৰা উদ্ধাৰ হোৱা ঘটনাই আৰক্ষীৰ এক সফল অভিযান।

উল্লেখ যে মানকাচৰ থানাৰ অধীনস্থ বাঘাপাৰা গাওঁৰ ছাইদুল ইছলাম নামৰ যুৱক এজনে মঙ্গলবাৰৰ দূপৰীয়া হাটশিঙিমাৰীস্থ জিলা চিকিৎসালয়ৰ সন্মূখত তেওঁৰ ১৫০ চিচি এ এছ ৩৪৬০৮২ নম্বৰৰ পালছাৰ বাইকখন

ৰখাৰ কিছু সময় পিছত হেৰুৱাই যায়। ঘটনা সন্দৰ্ভত স্থানীয় খাৰুৱাবান্ধা আৰক্ষী চকীত অৱগত কৰোৱাত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ তীব্ৰ অভিযানত পাশ্ববৰ্তী মেঘালয়ৰ পৰা বাইক চোৰসহ বাইকটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইপিনে নিশা বাইকটো উদ্ধাৰ কৰি খাৰুৱাবান্ধা আৰক্ষী চকী লৈ চোৰজনৰ পৰা অধিক তথ্যৰ কাৰণে সোধ পোছ চলাই আছে বুলি জনা গৈছে।

আটক কৰা বাইক চোৰজন মানকাচৰৰ ফকিৰঘাটৰ হাছিনুৰ ইছলাম পুতেক ৰফিজ মিঞা(১৯) ওৰফে ৰাহুল ফকিৰ বুলি জানিব পৰা যায়। বাইক চোৰ ৰফিজ মিঞাৰ ঘৰ মানকাচৰ যদিও তেওঁ দীৰ্ঘদিন ধৰি হাটশিঙিমাৰীত ভাড়াঘৰত থাকি বহু ধৰণৰ চুৰি কাৰ্য সংঘটিত কৰি আহিছে বুলি অভিযোগ উঠিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande