

তামুলপুৰ, ২০ মে (হি.স.)। তামুলপুৰ জিলাৰ পথ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন মাহিলি বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত চিমি কৰণ, আই এ এছ-ৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী আৰু অতিৰিক্ত জিলা আয়ুক্ত ডঃ দীপাংকৰ নাথৰ উপৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰি জিলাখনৰ পথ সুৰক্ষা ব্যৱস্থা, যান-বাহন নিয়ন্ত্ৰণ, অবৈধ পাৰ্কিং, পথ দুৰ্ঘটনা হ্ৰাস আৰু সচেতনতা বৃদ্ধিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে।
বৈঠকত আৰক্ষী বিভাগ, পৰিবহণ বিভাগ, লোকনিৰ্মাণ বিভাগ, স্বাস্থ্য বিভাগ, বন বিভাগ, আবকাৰী বিভাগকে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। পূৰ্বৰ বৈঠকৰ সিদ্ধান্তসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে দুৰ্ঘটনাপ্ৰৱণ এলেকাসমূহত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ, পথচিহ্ন স্থাপন, যান-বাহন চলাচল নিয়ন্ত্ৰণ আৰু জনসচেতনতা কাৰ্যসূচী অধিক জোৰদাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰি জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়-মহাবিদ্যালয় আৰু সাধাৰণ জনতাৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক সমন্বয়মূলকভাৱে কাম কৰাৰ বাবে আহ্বান জনোৱা হয় বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ