
তামুলপুৰ, ২০ মে (হি.স.)। তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি এনকৰ্ড (NCORD) কমিটীৰ মে’ মাহৰ বৈঠকখন অনুষ্ঠিত হয়। জিলা আয়ুক্ত চিমি কৰণ, আইএএছ-ৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত আৰক্ষী, স্বাস্থ্য, শিক্ষা, বন, আবকাৰী আদি বিভাগৰ বিষয়াৰ লগতে এছএছবি, এনচিবি আৰু স্বেচ্ছাসেৱী সংগঠন আদিৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
বৈঠকত জিলাখনত মাদকদ্ৰব্য নিয়ন্ত্ৰণ, সজাগতা বৃদ্ধি, অবৈধ সৰবৰাহ ৰোধ, বিদ্যালয়-মহাবিদ্যালয়ত সচেতনতামূলক কাৰ্যসূচী ৰূপায়ণ আদি বিষয়ত আলোচনা কৰা হয়। বিদ্যালয়সমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধ সামৰি ধঁপাতমুক্ত অঞ্চল গঢ়ি তোলাৰ ওপৰতো জিলা আয়ুক্তগৰাকীয়ে বিশেষভাৱে মনোনিৱেশ কৰে। লগতে পূৰ্বৰ বৈঠকৰ সিদ্ধান্তসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়া হয়। সভাখনত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী আৰু অতিৰিক্ত জিলা আয়ুক্ত ডঃ দীপাংকৰ নাথো উপস্থিত থাকে বুলি জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ