
শোণিতপুৰ, ২০ মে’ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা 'মই নথকাৰ অনুভৱ' গীতটিক কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে বিকৃত কৰাৰ ক্ষেত্ৰত বিহত ব্যবস্থা গ্ৰহণৰ দাবীৰে আজি গীতটোৰ সংগীতকাৰ হিমাংশু বৰাই তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ জুবিন গাৰ্গৰ জনপ্ৰিয় গীতটোৰ লগতে অসমীয়া আন একাংশ গীতো কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে এইদৰে প্ৰচাৰ কৰিছে কেইবাটাও ইউ টিউব চেনেল আৰু ফেচবুক পেজে ।
উল্লেখযোগ্য যে, আৰ এফ আকাশৰ কথা, সুৰ আৰু হিমাংশু বৰাৰ সংগীতেৰে সজোৱা তথা জুবিন গাৰ্গে কন্ঠদান কৰা গীতটিক ইতিমধ্যে অসমবাসীয়ে হৃদয়ত স্থান দিছে । হেজাৰজন জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পী গৰাকীক সুঁৱৰি অশ্ৰুসিক্ত নয়নেৰে গাইছে 'মই নথকাৰ অনুভৱ' গীতটি । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত যেন শিল্পীগৰাকীৰ এই গীতটিয়েই বাজি আছে প্ৰতিগৰাকী অনুৰাগীৰ অন্তৰত। গীতটোৰ এনে জনপ্ৰিয়তাৰে সুযোগ লৈ একাংশ ইউ টিউব চেনেল আৰু ফেচবুক পেজত এই গীতটিক কৃত্ৰিম বুদ্ধি মত্তাৰ জৰিয়তে পৃথক সুৰ আৰু সংগীতেৰে তৈয়াৰ কৰাৰ লগতে ইয়াত জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে।
এই ঘটনাত ক্ষুণ্ণ হৈ পৰা গীতটিৰ সংগীত পৰিচালক তেজপুৰৰ হিমাংশু বৰাই আজি এজাহাৰ দাখিল কৰি কয় যে,এটা গীত নিৰ্মাণ কৰাৰ আঁৰত শিল্পীসকলৰ যি কষ্ট আৰু সাধনা সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ধূলিস্যাত কৰা হৈছে৷ মেল’ডি মেট্ৰিকছ এআই,কেআৰ ছুপাৰ হিষ্টৰী কে ধৰি কেইবাটাও ইউ টিউব চেনেল আৰু ফেচবুক পেজৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে হিমাংশু বৰাই আজি আহ্বান জনাই তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ