ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী, নিশাৰ আহাৰ গ্ৰহণৰ সময়ত জৰ্জিয়া মেলনীক সাক্ষাৎ
নতুন দিল্লী, ২০ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ছয়দিনীয়া পাঁচখন দেশৰ বিদেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত যোৱা নিশা ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হয় । ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে তেওঁৰ সন্মানত এক ভোজৰ আয়োজন কৰে, য’ত দুয়োগৰাকী নেতাই
रोम में भारतीय समुदाय से मिलते हुए प्रधानमंत्री नरेन्द्र मोदी।


रोम में भारतीय समुदाय से मिलते हुए प्रधानमंत्री नरेन्द्र मोदी।


- इतालवी चित्रकार जियाम्पाओलो टोमासेट्टी द्वारा प्रस्तुत काशी की पेंटिंग देखते प्रधानमंत्री नरेन्द्र मोदी।


- रोम में भारतीय नृत्य प्रस्तुत करते इतालवी कलाकार।


रोम में इटली की प्रधानमंत्री जॉर्जिया मेलोनी के साथ मुलाकात करते प्रधानमंत्री नरेन्द्र मोदी।


रोम में इटली की प्रधानमंत्री जॉर्जिया मेलोनी के साथ मुलाकात करते प्रधानमंत्री नरेन्द्र मोदी।


रोम में इटली की प्रधानमंत्री जॉर्जिया मेलोनी के साथ डिनर पर मुलाकात करते प्रधानमंत्री नरेन्द्र मोदी।


নতুন দিল্লী, ২০ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ছয়দিনীয়া পাঁচখন দেশৰ বিদেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত যোৱা নিশা ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হয় । ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে তেওঁৰ সন্মানত এক ভোজৰ আয়োজন কৰে, য’ত দুয়োগৰাকী নেতাই ভাৰত-ইটালীৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অনানুষ্ঠানিক আৰু গভীৰ আলোচনা কৰে।

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে ইটালীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোডীক বিশেষভাৱে আদৰণি জনাই তেওঁৰ সৈতে এখন চেলফি লৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছিল, “ৰোমলৈ স্বাগতম, মোৰ বন্ধু।”

প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰি কয় যে ৰোমত উপস্থিত হোৱাৰ লগে লগে তেওঁ প্ৰধানমন্ত্ৰী মেলনীক ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে সাক্ষাৎ কৰাৰ লগতে কলছিয়াম পৰিদৰ্শন কৰাৰ সুযোগ পাইছিল। কেইবাটাও বিষয়ৰ ওপৰত মতামত ভাগ কৰা হৈছিল, আৰু আজিৰ আলোচনাত ভাৰত-ইটালীৰ বন্ধুত্বক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হ’ব।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীত ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও সাক্ষাৎ কৰে। এই তথ্য আন এটা পোষ্টত দি তেওঁ লিখিছে, ৰোমত ভাৰতীয় সম্প্ৰদায়ৰ পৰা পোৱা উষ্ম আদৰণিৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ। ভাৰতৰ প্ৰতি তেওঁলোকৰ গভীৰ মৰম আৰু ভাৰত-ইটালীৰ সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰশংসনীয়। ভাৰতীয় প্ৰব্ৰজনকাৰীয়ে আমাৰ জাতিটোক সমগ্ৰ বিশ্বতে গৌৰৱান্বিত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰখ্যাত চিত্ৰশিল্পী জিয়াম্পাওলো টমাছেট্টীৰ সৈতেও সাক্ষাৎ কৰে। কাশীৰ আধাৰত তেওঁৰ চিত্ৰকলা চাইছিল। প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে, ৰোমত কাশীৰ আভাস। ভাৰতীয় সংস্কৃতিৰ প্ৰতি টমাছেট্টীৰ আকৰ্ষণ চাৰি দশকৰ আগৰ। আশীৰ দশকত বৈদিক সংস্কৃতিৰ গ্ৰন্থৰ চিত্ৰ অংকন কৰি ২০০৮ চনৰ পৰা ২০১৩ চনৰ ভিতৰত মহাভাৰতৰ আধাৰত ২৩খন বৃহৎ চিত্ৰ নিৰ্মাণ কৰিছিল।

আন এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে যে ৰোমত ভাৰতীয় নৃত্যৰ প্ৰতি আকৰ্ষিত পাঁচজন ইটালীৰ শিল্পী: স্বামীনী আত্মানন্দ গিৰি, মাৰ্টিনা মীনাক্ষী অৰ্গাদা, লুক্ৰেজিয়া মণিস্কোটি, ভেলেৰিয়া ভেস্পাজিয়ানি, আৰু ৰচেলা ফানেলিয়ে ত্ৰিগালবন্ধী উপস্থাপন কৰিছিল, যিটো ৰচনাত কুচিপুডী, ভাৰতনাট্যম, আৰু কথকক অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁ লিখিছে যে ভাৰতীয় নৃত্য শৈলীয়ে বিশ্বজুৰি আগ্ৰহ আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰাতো উল্লেখনীয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande