

মৰিগাঁও, ২০ মে (হি.স.)। বহুদিনৰ ইচ্ছা পূৰণ হ’ল মুখ্যমন্ত্ৰীৰ ৷ ১৪শ শতিকাতে স্থাপিত জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজা চাৰিভাই দেওশাল শিৱথানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে পূজাঅৰ্চনা ৷ দেওশাল শিৱথানৰ আন্তঃগাঁথনি উন্নয়ণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ ৷ দেওশাল শিৱথানক আধ্যাত্মিক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ আনহাতে জাগীৰোডৰ সিন্ধিশৰত চেটেলাইট টাউনশ্বীপ নিৰ্মাণৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে বিভিন্ন তিৱা জাতীয় দল-সংগঠনে ৷
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সন্মূখীন হয় এক অন্য পৰিস্থিতিৰ ৷ মন্দিৰৰ পৰা ওলাই অহাৰ পিছতে মুখ্যমন্ত্ৰীক আগুৰি ধৰে একাংশ প্ৰতিবাদকাৰী তিৱা জনতাই ৷ মুখ্যমন্ত্ৰীৰ সন্মূখতে চেটেলাইট টাউনশ্বীপ নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী প্ৰস্থান কৰাৰ পিছতো একাংশ প্ৰতিবাদকাৰীয়ে ওলাই আহে ৰাজপথলৈ ৷ তেজ দিম মাটি নিদিও শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ ইফালে এই সন্দৰ্ভতপ্ৰতিক্ৰিয়া প্ৰকাশ কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ একাংশৰ অপপ্ৰচাৰ আৰু ভুল বুজাবুজিৰ বাবে সৃষ্টি হৈছে এই পৰিস্থিতিৰ ৷ অবশ্যে অতি শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে তিৱা জাতীয় সংগঠনৰ সৈতে আলোচনাত মিলিত হ’ব বুলি মন্তব্য কৰে ৰমাকান্ত দেউৰীয়ে ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar