
গোৱালপাৰা, ২০ মে (হি.স.)। গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা চিপিআইএমৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ কাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে।
প্ৰতিবাদ কাৰী সকলে পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰা নাই কিয় চৰকাৰ জবাব দিয়ক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হোৱা নাই কিয় চৰকাৰ জবাব দিয়ক, অতি শীঘ্ৰেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পেট্ৰ'ল ডিজেল, ৰন্ধন গেছ আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীৰে জিলা আয়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা