মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে দোকানে দোকানে ঘুৰিছে শোণিতপুৰ প্ৰশাসনৰ লোক
শোণিতপুৰ, ২০ মে (হি.স.)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বজাৰত দোকানে দোকানে ঘুৰিছে শোণিতপুৰ প্ৰশাসনৰ লোক৷ কালি ফলমুল, নিত্যব্যৱহাৰ্য্য সামগ্ৰী, আলু পিয়াজ, কণীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পিছত আজি খাদ্য আৰু অসামৰিক যোগান বি
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে দোকানে দোকানে ঘুৰিছে শোণিতপুৰ প্ৰশাসনৰ লোক


শোণিতপুৰ, ২০ মে (হি.স.)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বজাৰত দোকানে দোকানে ঘুৰিছে শোণিতপুৰ প্ৰশাসনৰ লোক৷

কালি ফলমুল, নিত্যব্যৱহাৰ্য্য সামগ্ৰী, আলু পিয়াজ, কণীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পিছত আজি খাদ্য আৰু অসামৰিক যোগান বিভাগ, মীন বিভাগ, জোখ মাখ বিভাগে যৌথ অভিযান চলালে তেজপুৰৰ মাছৰ পাইকাৰী আৰু খুচুৰা বজাৰত৷ পুৱাই চলোৱা অভিযানত চৰকাৰৰ নীতি নিৰ্দেশনা পালনৰ বাবে নিৰ্দেশ দিয়া হয়৷ মাছ বজাৰ সমুহত দৰৰ তাৰতম্য যাতে নহয় তাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত দৰৰ তালিকা লগোৱাৰ বাবে নিৰ্দেশনা দিয়া হয় আৰু মীন বিভাগে প্ৰতিদিনেই এয়া পৰ্যবেক্ষণ কৰিব৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande