ই-ফাৰ্মাচীৰ বিৰুদ্ধে এদিনীয়া দেশজোৰা ধৰ্মঘট সফল : এআইঅ’চিডি
নতুন দিল্লী, ২০ মে’ (হি.স.)। অল ইণ্ডিয়া অৰ্গেনাইজেচন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট (এআইওচিডি)ৰ আহ্বানত এদিনীয়া ধৰ্মঘটৰ অংশ হিচাপে বুধবাৰেও ৰাজ্যৰ বিভিন্ন ফাৰ্মাচী বন্ধ হৈ আছে। অৱশ্যে চৰকাৰী মালিকানাধীন ষ্ট’ৰসমূহ খোলা থাকিল। এদিনীয়া ধৰ্মঘট সফল হোৱা ব
राजीव सिंघल


নতুন দিল্লী, ২০ মে’ (হি.স.)। অল ইণ্ডিয়া অৰ্গেনাইজেচন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট (এআইওচিডি)ৰ আহ্বানত এদিনীয়া ধৰ্মঘটৰ অংশ হিচাপে বুধবাৰেও ৰাজ্যৰ বিভিন্ন ফাৰ্মাচী বন্ধ হৈ আছে। অৱশ্যে চৰকাৰী মালিকানাধীন ষ্ট’ৰসমূহ খোলা থাকিল। এদিনীয়া ধৰ্মঘট সফল হোৱা বুলি সংস্থাটোৱে দাবী কৰে। সংস্থাটোৰ মতে, ঔষধৰ অবৈধ অনলাইন বিক্ৰী, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি, লাখ লাখ ক্ষুদ্ৰ, অনুজ্ঞাপত্ৰপ্ৰাপ্ত ৰসায়নবিদ আৰু ঔষধ বিক্ৰেতাক সুৰক্ষা প্ৰদানৰ প্ৰতিবাদত এই ধৰ্মঘট আহ্বান কৰা হৈছে।

এই উপলক্ষে সন্থাই প্ৰধানমন্ত্ৰীৰ শীঘ্ৰে হস্তক্ষেপৰ দাবী জনায়। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এআইঅ’চিডিৰ সাধাৰণ সম্পাদক ৰাজীৱ সিংহালে কয় যে বুধবাৰে সমগ্ৰ দেশৰ ১২.৪ লাখৰো অধিক ৰসায়নবিদ আৰু ঔষধ বিক্ৰেতাই আয়োজন কৰা এই এদিনীয়া দেশজোৰা ধৰ্মঘট সম্পূৰ্ণ সফল। তেওঁ কয় যে দুটা চৰকাৰী অধিসূচনা—জিএছআৰ ২২০(ই) আৰু জিএছআৰ ৮১৭(ই)ৰ বাবে ই-ফাৰ্মাচীসমূহ স্পষ্ট আইনী কাঠামো অবিহনে চলি আছে। অনলাইন প্লেটফৰ্মত মিছা বা ভুৱা প্ৰেছক্ৰিপচন ব্যৱহাৰ কৰাৰ বাবে উদ্বেগ প্ৰকাশ পাইছে আৰু তেওঁ ই-ফাৰ্মাচীসমূহৰ কঠোৰ নিয়ন্ত্ৰণৰ আহ্বান জনাইছে। বৃহৎ অনলাইন প্লেটফৰ্মসমূহে আগবঢ়োৱা তীব্ৰ ৰেহাইৰ সমালোচনা কৰি তেওঁ কয় যে ২০-৫০ শতাংশ ৰেহাইৰ সৈতে সৰু সৰু স্থানীয় ৰসায়নবিদসকলে প্ৰতিযোগিতা কৰিব নোৱাৰে।

তেওঁ কয় যে কোভিড-১৯ মহামাৰীৰ সময়তো সমগ্ৰ দেশৰ ৰসায়নবিদ আৰু ঔষধ বিক্ৰেতাসকলে ফ্ৰণ্টলাইন স্বাস্থ্যসেৱা প্ৰদানকাৰী হিচাপে অক্লান্তভাৱে কাম কৰিছিল আৰু দেশৰ চুক-কোণলৈ ঔষধৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিছিল, প্ৰায়ে মানৱতাৰ সেৱাত নিজৰ প্ৰাণ বিপন্ন কৰিছিল।

গতিকে চৰকাৰে শীঘ্ৰে হস্তক্ষেপ কৰি নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰি দেশৰ ৬ কোটি জনসাধাৰণক অপূৰণীয় ক্ষতিৰ পৰা ৰক্ষা কৰিব লাগিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande