বিজনীত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী
চিৰাং, ২০ মে (হি.স.)। বিজনী আৰক্ষীৰ বৃহৎ সফলতা। দুটা পৃথক পৃথক স্থানত ক্ৰমে পাণবাৰী আৰক্ষীয়ে পালেংবাৰীত আৰু বিজনী আৰক্ষীয়ে বিজনী চহৰত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে দুটা সৰবৰাহকাৰীক।আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বিজনী উৰণীয়া সেঁতু
বিজনীত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী


চিৰাং, ২০ মে (হি.স.)। বিজনী আৰক্ষীৰ বৃহৎ সফলতা। দুটা পৃথক পৃথক স্থানত ক্ৰমে পাণবাৰী আৰক্ষীয়ে পালেংবাৰীত আৰু বিজনী আৰক্ষীয়ে বিজনী চহৰত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে দুটা সৰবৰাহকাৰীক।আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বিজনী উৰণীয়া সেঁতুৰ সমীপত কাছাৰ জিলাৰ জামালপুৰৰ বাসিন্দা ছনছুল হুছেইন লস্কৰ(২৫) নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুজ্যোতি নাথসহ বিজনীৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীটোৰ পৰা ৭ টাকৈ ড্ৰাগছভৰ্তি চাবোনৰ বাকচ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ছনছুল হুছেইন লস্কৰক।ড্ৰাগছ সমূহৰ ওজন ২৬৩.০৬ গ্ৰাম। আনহাতে পানবাৰী থানাৰ অন্তৰ্গত পালেংবাৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় আন এটা সৰবৰাহকাৰী।

পানবাৰী আৰক্ষী থানাৰ চক্ৰ আৰক্ষী বিষয়া ৰিতুল মুনি দাস পাণবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত চলোৱা অভিযানত ৪৪ টাকৈ ড্ৰাগছভৰ্তি প্লাষ্টিক কণ্টেইনাৰ, এটা মোবাইলসহ গাজিৰ ৰহমান ওৰফে কালু নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।ধৃত সৰবৰাহকাৰীটোৰ ঘৰ পুৰাণ বিজনীৰ মহৰিপাৰাত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande