কেবিনেটত ৰাজ্যপালৰ ভাষণৰ খচৰা আৰু নতুন তথ্য নীতি ২০২৬ত অনুমোদন
গুৱাহাটী, ২০ মে'' (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে সন্ধিয়া দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ দ্বিতীয়খন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্
কেবিনেটৰ বৈঠক


গুৱাহাটী, ২০ মে' (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে সন্ধিয়া দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ দ্বিতীয়খন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে।

ভাৰতীয় সংবিধানৰ ১৭৬(১) অনুচ্ছেদৰ অধীনত ২২ মে’ত ১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথম অধিৱেশনত দাখিল কৰিবলগীয়া ৰাজ্যপালৰ ভাষণৰ খচৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। চৰকাৰে আগন্তুক বিধানসভা অধিৱেশনৰ বাবে ইয়াক এক গুৰুত্বপূৰ্ণ আনুষ্ঠানিক প্ৰক্ৰিয়া বুলি অভিহিত কৰে।

কেবিনেটে অসম ৰাজ্যিক তথ্য নীতি (এ এছ ডি পি) ২০২৬ৰ অধিসূচনা আৰু ৰূপায়ণতো অনুমোদন জনায়। ইয়াৰ দ্বাৰা ২০২২ চনৰ পূৰ্বৰ তথ্য নীতি বাতিল কৰা হ’ব। নতুন নীতিৰ অধীনত সমগ্ৰ ৰাজ্যতে এক ঐক্যবদ্ধ তথ্য ভঁৰাল, বিশ্লেষণ, আৰু কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক ব্যৱস্থা চলাবলৈ ন’ডেল এজেন্সী হিচাপে তথ্য ব্যৱস্থাপনা কেন্দ্ৰ (চিডিএম) প্ৰতিষ্ঠা কৰা হ’ব।

চৰকাৰৰ মতে, নতুন তথ্য নীতিয়ে সকলো বিভাগতে পদ্ধতিগত তথ্য বিনিময় নিশ্চিত কৰিব, যিয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধিত সহায় কৰিব, উদ্ভাৱনক উৎসাহিত কৰিব, আৰু নাগৰিক সেৱাক অধিক ফলপ্ৰসূ কৰি তুলিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande