সোণাপুৰৰ জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাণৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰত ধূপ ছাকি দি শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, ২০ মে (হি.স.)। অৱশেষত প্ৰতিশ্ৰুতি ৰাখিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি পুৱাতে মুখ্যমন্ত্ৰী গৰাকীয়ে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য্য কিদৰে আগবাঢ়িছে
সোণাপুৰৰ জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা


সোণাপুৰৰ জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা


গুৱাহাটী, ২০ মে (হি.স.)। অৱশেষত প্ৰতিশ্ৰুতি ৰাখিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি পুৱাতে মুখ্যমন্ত্ৰী গৰাকীয়ে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য্য কিদৰে আগবাঢ়িছে তাৰো বুজ লৈ কিছু নিৰ্দেশনা দিয়ে।

প্ৰথমতে জুবিনলৈ শ্ৰদ্ধা জনাই জুবিনক্ষেত্ৰত সেৱা ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি নতুন কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ বুজ ল'লে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ অগ্ৰগতিৰ।

জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শীঘ্ৰেই কামসমূহ নিয়াৰিকৈ আগবঢ়াই নিবলৈ দিলে নিৰ্দেশ। আনহাতে ৩কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব জুবিনক্ষেত্ৰৰ বাউণ্ডেৰী ৱাল। লোকনিৰ্মাণ বিভাগক শীঘ্ৰেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

বাউণ্ডেৰী ৱাল নিৰ্মাণ হোৱাৰ পিছতে জুবিন ক্ষেত্ৰৰ মিউজিয়াম আদি নিৰ্মাণৰ কাম আৰম্ভ হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ সম্পূৰ্ণ আঠ মাহৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিন ক্ষেত্ৰত উপস্থিত হৈ কয় যে অসম চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ, জুবিন ক্ষেত্ৰ নিৰ্মাণৰ আৰু সুন্দৰকৈ আমি নিৰ্মাণ কৰি তুলিম।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande