বৰ্হিৰাজ্যত নিখোজ গহপুৰ ৰাঙলীয়ালৰ যুৱক
বিশ্বনাথ, ২০ মে (হি.স.)। গহপুৰ ৰাঙলীয়ালৰ চুচেন দাস নামৰ যুৱকজন যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে বৰ্হিৰাজ্যত । ঘৰৰ পৰা কৰ্মৰ সন্ধানত অকলেই ওলাই গৈছিল অন্ধ্ৰপ্ৰদেশলৈ । অন্ধ্ৰপ্ৰদেশৰ বিজয় নগৰ নামৰ ঠাইখনৰ পৰা দেওবাৰে চুচেন দাসৰ পত্নীলৈ আন কোনো ব্যক্
বৰ্হিৰাজ্যত নিখোজ গহপুৰ ৰাঙলীয়ালৰ যুৱক


বিশ্বনাথ, ২০ মে (হি.স.)। গহপুৰ ৰাঙলীয়ালৰ চুচেন দাস নামৰ যুৱকজন যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে বৰ্হিৰাজ্যত । ঘৰৰ পৰা কৰ্মৰ সন্ধানত অকলেই ওলাই গৈছিল অন্ধ্ৰপ্ৰদেশলৈ ।

অন্ধ্ৰপ্ৰদেশৰ বিজয় নগৰ নামৰ ঠাইখনৰ পৰা দেওবাৰে চুচেন দাসৰ পত্নীলৈ আন কোনো ব্যক্তিৰ ম'বাইলৰ পৰা চুচেনে ফ'ন কৰি জনাইছিল যে তেওঁৰ ম'বাইলত চাৰ্জ নাই । সেয়ে বেলগৰ ম'বাইলৰ পৰা ফ'ন কৰিছো । সেয়ে শেষ ফ'ন কল আছিল চুচেনৰ । তাৰ পাছৰ পৰাই আজিলৈকে যোগাযোগ নাই চুচেন দাসৰ। ২৬ বছৰীয়া চুচেন দাসৰ নিৰুদ্দেশে এতিয়া চিন্তিত কৰি তুলিছে পৰিয়ালৰ লোকক । সহায় বিচাৰিছে আৰক্ষীৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande