চিৰাঙৰ বিজনীত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক
চিৰাং, ২০ মে (হি.স.)। চিৰাঙৰ বিজনীৰ উৰণীয়া সেঁতুৰ সমীপত আৰক্ষীৰ অভিযান। আৰক্ষীৰ এই অতৰ্কিত অভিযানত ড্ৰাগছসহ আটক হয় এটা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো কাছাৰ জিলাৰ জামালপুৰৰ বাসিন্দা ছনছুল হুছেইন লস্কৰ(২৫) বুলি চিনাক্ত কৰা হৈছে। ধৃত সৰবৰাহকাৰীটোৰ
চিৰাঙৰ বিজনীত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক


চিৰাং, ২০ মে (হি.স.)। চিৰাঙৰ বিজনীৰ উৰণীয়া সেঁতুৰ সমীপত আৰক্ষীৰ অভিযান। আৰক্ষীৰ এই অতৰ্কিত

অভিযানত ড্ৰাগছসহ আটক হয় এটা সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰীটো কাছাৰ জিলাৰ জামালপুৰৰ বাসিন্দা ছনছুল হুছেইন লস্কৰ(২৫) বুলি চিনাক্ত কৰা হৈছে।

ধৃত সৰবৰাহকাৰীটোৰ পৰা ৭ টাকৈ ড্ৰাগছভৰ্তি চাবোনৰ বাকচ জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে নিশ্চিত তথ্যৰ ভিত্তিত এই অভিযান চলায়।আৰক্ষীয়ে সম্প্ৰতি অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী জনক জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande