হাজোৰ তাপাবৰী চৰত ৰামদিয়া আৰক্ষীৰ অভিযানত জব্দ কাৰ্টনে কাৰ্টনে মচলাৰ পেকেট
হাজোৰ তাপাবৰী চৰত কালি নিশা ৰামদিয়া আৰক্ষীৰ অভিযানত জব্দ কাৰ্টনে কাৰ্টনে মচলাৰ পেকেট।
হাজোৰ তাপাবৰী চৰত ৰামদিয়া আৰক্ষীৰ অভিযানত জব্দ কাৰ্টনে কাৰ্টনে মচলাৰ পেকেট


কামৰূপ, ২০ মে’ (হি.স.): কামৰূপ জিলাৰ হাজোৰ তাপাবৰী চৰত যোৱা কালি মঙলবাৰে নিশা জব্দ কৰা হয় কাৰ্টনে কাৰ্টনে মচলাৰ পেকেট। হাৰান আলী নামৰ এজন লোকৰ ঘৰত লুকাই ৰখা অৱস্থাত উদ্ধাৰ হয় প্ৰায় সোতৰ লাখ মূল্যৰ ভিন্ন মচলা ভৰ্তি কাৰ্টন । নিৰ্দিষ্ট তথ্য়ৰ ভিত্তিত ৰামদিয়া আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছিল হাইজেক কৰি অনা এই মচলাসমূহ।

তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাক সহিতে হাইজেক হৈছিল মচলাৰ কাৰ্টন। বিক্ৰীৰ বাবে তিনিচুকীয়াৰ জগদম্বা মছলা কোম্পানীৰ পৰা গুৱাহাটীলৈ অনা হৈছিল কাৰ্টনসমূহ। জানিব পৰামতে, ইন্নুছ আলী নামৰ হাইজেকাৰটোৰ নেতৃত্বত সংঘটিত হৈছিল এই ডকাইতিৰ ঘটনা। ইতিমধ্যে ৰামদিয়া আৰক্ষীয়ে আটক কৰিছে মাষ্টাৰ মাইণ্ড ইন্নুছ আলী আৰু হাৰান আলীক । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande