সত্ৰনগৰীৰ মাজমজিয়া দক্ষিণহাটীত চুৰিকাণ্ড
বৰপেটা, ২০ মে (হি.স.)। এটাৰ পিচত আনটো ধাৰাবাহিক চুৰিকাণ্ডক লৈ সত্ৰনগৰী বৰপেটাত চাঞ্চল্য | ভঙা-চিঙা সামগ্ৰী ক্ৰয়, মিস্ত্ৰী, মাছ-মাংসৰ ব্যৱসায়ৰ চলেৰে সত্ৰনগৰী বৰপেটাত চোৰৰ টিঘিলঘিলনি | এটাৰ পিচত আনটো চুৰিকাণ্ডক লৈ ভীত সন্ত্ৰস্থ সত্ৰনগৰী বৰপেটাবাস
সত্ৰনগৰীৰ মাজমজিয়া দক্ষিণহাটীত চুৰিকাণ্ড


বৰপেটা, ২০ মে (হি.স.)। এটাৰ পিচত আনটো ধাৰাবাহিক চুৰিকাণ্ডক লৈ সত্ৰনগৰী বৰপেটাত চাঞ্চল্য |

ভঙা-চিঙা সামগ্ৰী ক্ৰয়, মিস্ত্ৰী, মাছ-মাংসৰ ব্যৱসায়ৰ চলেৰে সত্ৰনগৰী বৰপেটাত চোৰৰ টিঘিলঘিলনি |

এটাৰ পিচত আনটো চুৰিকাণ্ডক লৈ ভীত সন্ত্ৰস্থ সত্ৰনগৰী বৰপেটাবাসী |

গান্ধী নগৰৰ পিচত এইবাৰ সত্ৰনগৰীৰ মাজমজিয়া দক্ষিণহাটীত চোৰৰ মৰসাহ |

একেখন চোতালতে বাস কৰি থকা কেবাটাও পৰিয়ালৰ মাজৰ পৰাই দক্ষিণহাটীৰ মন্মথ দাসৰ ঘৰত চুৰিকাণ্ড |

চোৰে মন্মথ দাসৰ ঘৰৰ পৰা লুটি নিলে প্ৰায় ৮ তোলা সোণ ৪ তোলা ৰূপৰ অলংকাৰ, ৫ হাজাৰ নগদ টকাসহ আন তেতবোৰ সামগ্ৰী |

চুৰিৰ সময়ত ঘৰত নাছিল পৰিয়ালটোৰ কোনো লোক |

অবশ্যে একেটা ঘৰতে বাস কৰি থাকে ককায়েক আৰু জেঠাকৰ আন দুটা পৰিয়াল |

বিগত কেবামাহ ধৰি বাংগালোৰত চিকিৎসাধীন হৈ থকা মন্মথ দাসৰ ঘৰত সংঘটিত চুৰিকাণ্ডৰ পিচতে কান্দোনত ভাগি পৰিছে দূৰ্ভগীয়া পৰিয়ালটো |

চোৰে জীৱনৰ সমস্ত সাঁচতীয়া সম্পদ এইদৰে চুৰি কৰি নিযাৰ পিচতে উৱাদিহ হেৰুৱাইছে পৰিয়ালটোৱে |

আৰক্ষীক যিকোনো উপায়ে চোৰক বিচাৰি উলিয়াই চুৰি সামগ্ৰীসমুহ উদ্ধাৰৰ আহ্বান জনাইছে দূৰ্ভগীয়া পৰিয়ালটোৱে |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande