অম্বুবাচী মেলা ২০২৬ৰ প্ৰস্তুতি আৰম্ভ, কামাখ্যা মন্দিৰত সা-সুবিধা সম্প্ৰসাৰণ
গুৱাহাটী, ২০ মে'' (হি.স.)। কামাখ্যা মন্দিৰত অম্বুবাচী মেলা ২০২৬ ৰ প্ৰস্তুতি আৰম্ভ হৈছে। উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান হিচাপে বিবেচিত এই মেলালৈ প্ৰায় এমাহ বাকী থকা অৱস্থাত মন্দিৰ পৰিচালনা আৰু প্ৰশাসনে এই ব্যৱস্থা চূড়ান্ত কৰিবলৈ আৰম্
Maa Kamakhya Temple मां कामाख्या मंदिर


গুৱাহাটী, ২০ মে' (হি.স.)। কামাখ্যা মন্দিৰত অম্বুবাচী মেলা ২০২৬ ৰ প্ৰস্তুতি আৰম্ভ হৈছে। উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান হিচাপে বিবেচিত এই মেলালৈ প্ৰায় এমাহ বাকী থকা অৱস্থাত মন্দিৰ পৰিচালনা আৰু প্ৰশাসনে এই ব্যৱস্থা চূড়ান্ত কৰিবলৈ আৰম্ভ কৰিছে।

মন্দিৰত থকা দলৈ সম্প্ৰদায়ৰ সদস্যসকলে জনোৱা মতে, চাৰিদিনীয়া অম্বুবাচী মেলা চলিত বৰ্ষৰ ২২ জুনৰ নিশাৰ পৰা আৰম্ভ হ’ব আৰু ২৬ জুনত সূৰ্য্য উদয়ৰ সময়ত সমাপ্ত হ’ব।

নিৰাপত্তাৰ ব্যৱস্থা, ভিৰ নিয়ন্ত্ৰণ আৰু অন্যান্য প্ৰয়োজনীয় প্ৰস্তুতিৰ সন্দৰ্ভত মন্দিৰ প্ৰশাসনে জিলা প্ৰশাসনৰ সৈতে বৈঠক আৰম্ভ কৰিছে। প্ৰতি বছৰৰ দৰে এই মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্ত, সন্ত, তন্ত্ৰিক উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

ভক্তৰ সুবিধা আৰু জনসমাগম ব্যৱস্থাপনাৰ বাবে এইবাৰ পাণ্ডু অভিমুখে এটা অতিৰিক্ত পথো মুকলি কৰা হ’ব। এতিয়া ভক্তসকলে বৰ্তমানৰ নাৰ্চাৰী পথৰ উপৰিও নতুনকৈ উন্নীত কৰা পাণ্ডু পথৰ জৰিয়তে মন্দিৰত উপস্থিত হ’ব পাৰিব, যাৰ ফলত যাত্ৰা অধিক সুবিধাজনক হ’ব বুলি আশা কৰা হৈছে।

মেলাৰ সময়ত নিৰাপত্তা অধিক শক্তিশালী কৰাৰ বাবে মন্দিৰ পৰিসৰত অত্যাধুনিক চিচিটিভি কেমেৰা স্থাপনৰ প্ৰস্তুতি চলি আছে। প্ৰশাসনে উল্লেখ কৰিছে যে ভক্তৰ সুৰক্ষা সৰ্বোচ্চ অগ্ৰাধিকাৰ হ’ব।

ইফালে বহু সাধু-ঋষি ইতিমধ্যে কামাখ্যা ধামত উপস্থিত হোৱাৰ বিপৰীতে অনাগত দিনত ভক্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

তন্ত্ৰ সাধনাৰ মূল কেন্দ্ৰ বুলি গণ্য কৰা অম্বুবাচী মেলা অসমৰ এক বৃহৎ আধ্যাত্মিক অনুষ্ঠান, য'ত প্ৰতি বছৰে নীলাচল পাহাৰৰ ওপৰত অৱস্থিত মা কামাখ্যাৰ মন্দিৰত এক বৃহৎ ভক্তৰ ভিৰ হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande