
গুৱাহাটী, ২০ মে (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনৰ অসম আৰু পশ্চিমবংগৰ বিভিন্ন ষ্টেচনৰ পৰা চলাচল কৰা আধুনিক আৰু যাত্ৰী-হিতৈষী অমৃত ভাৰত এক্সপ্ৰেছ ৰেলসমূহ ভাৰতীয় ৰেলৱেৰ বাবে এক বৃহৎ সফলতাৰ কাহিনী হিচাপে পৰিগণিত হৈছে আৰু যাত্ৰীসকলৰ পৰা এই ৰেলসমূহে এক ব্যতিক্ৰমী প্ৰশংসা আৰু অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।এক আকৰ্ষণীয় অকুপেঞ্চী আৰু উপাৰ্জনৰ পৰিসংখ্যাই এই সেৱাসমূহৰ জনপ্ৰিয়তা, সুলভতা, আৰাম আৰু নিৰ্ভৰযোগ্যতাকেই স্পষ্টভাৱে প্ৰতিফলিত কৰে।
জানুৱাৰী ২০২৬ বৰ্ষৰ পৰা যাত্ৰা আৰম্ভ কৰা অমৃত ভাৰত এক্সপ্ৰেছ সেৱাসমূহে গুৱাহাটী, ডিব্ৰুগড়, আলিপুৰদুৱাৰ জংচন আৰু নিউ জলপাইগুড়ীৰ দৰে গুৰুত্বপূৰ্ণ ষ্টেচনক সংযোগেৰে ভাৰতৰ বিভিন্ন বৃহৎ চহৰলৈ যাত্ৰা কৰি যাত্ৰীৰ একঅভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। কেইবাখনো ৰেল সেৱাত ১০০% ৰো অধিক অকুপেঞ্চি হোৱাৰ লগতে যাত্ৰীৰ বিপুল চাহিদা আৰু এই ৰেলসমূহৰ প্ৰতি যাত্ৰীৰ ক্ৰমবৰ্ধমান অগ্ৰাধিকাৰকে প্ৰতিফলিত কৰিছে।
বৰ্তমানে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধিক্ষেত্ৰৰ অধীনত অসম আৰু পশ্চিমবংগৰ পৰা ০৭ যোৰ অমৃত ভাৰত এক্সপ্ৰেছ ৰেল চলাচল কৰি আছে। এইসমূহৰ ভিতৰত কামাখ্যা আৰু ৰোহতকৰ মাজত চলাচল কৰা ৰেল নং. ১৫৬৭১/১৫৬৭২, ডিব্ৰুগড় আৰু গোমতী নগৰৰ মাজত চলাচল কৰা ৰেল নং. ১৫৯৪৯/১৫৯৫০, আলিপুৰদুৱাৰ জংচন আৰু এছএমভিটি বেংগালুৰুৰ মাজত চলাচল কৰা ৰেল নং. ১৬৫৯৭/১৬৫৯৮ আলিপুৰদুৱাৰ জংচন আৰু পানভেলৰ মাজত চলাচল কৰা ৰেল নং. ১১০৩১/১১০৩২, কামাখ্যা আৰু চাৰ্লাপল্লীৰ মাজত চলাচল কৰা ৰেল নং ১৫৬৭৩/১৫৬৭৪, নিউ জলপাইগুড়ী আৰু তিৰুচিৰাপল্লীৰ মাজত চলাচল কৰা ৰেল নং ২০৬০৯/২০৬১০ আৰু নিউ জলপাইগুড়ী আৰু নাগৰকইলৰ মাজত চলাচল কৰা ৰেল নং ২০৬০৩/২০৬০৪ অন্তৰ্ভূক্ত আছে। এই সমগ্ৰ ৰেল সেৱাই অভূতপূৰ্বভাৱে যাত্ৰীৰ পৰা সঁহাৰি লাভ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ অন্যান্য প্ৰান্তৰ মাজত ৰেল যোগাযোগ শক্তিশালী কৰাত এক তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰিছে।
এই উল্লেখযোগ্য সফলতাসমূহৰ ভিতৰত কামাখ্যা আৰু ৰোহতকৰ মাজত চলাচল কৰা ৰেল নং. ১৫৬৭১/১৫৬৭২ অমৃত ভাৰত এক্সপ্ৰেছ ৰেলখনে ১৩৬% যাত্ৰী ব্যৱহাৰৰ সৈতে ৰেল যাত্ৰীৰ এক অভূতপূৰ্ব পৃষ্ঠপোষকতাৰ সাক্ষীস্বৰূপ হৈ পৰে। ঠিক একেদৰে ডিব্ৰুগড়–গোমতী নগৰক সংযোজিত কৰা ৰেল নং. ১৫৯৪৯/১৫৯৫০ অমৃত ভাৰত এক্সপ্ৰেছ ৰেলখনে ইয়াৰ বিভিন্ন যাত্ৰাত ১৪০% তকৈয়ো অধিক অকুপেঞ্চীৰ অভিলেখ গঢ়ি তুলি এই সেৱাৰ প্ৰতি ক্ৰমবৰ্দ্ধমান যাত্ৰীৰ নিৰ্ভৰযোগ্যতা আৰু অভূতপূৰ্ব জনপ্ৰিয়তাকেই প্ৰতিফলিত কৰিছে।
এই সময়ছোৱাত এই ৰেলসমূহে ১.৭৮ লাখতকৈয়ো অধিক ৰেলযাত্ৰীক পৰিবহন কৰাৰ লগতে ২৩ কোটি টকাৰো অধিক ধনৰাশি উপাৰ্জন কৰি এইসমূহ সেৱাৰ এক ব্যতিক্ৰমী সফলতাকে প্ৰতিফলিত কৰিছে।
সাধাৰণ যাত্ৰীৰ বাবে বিশেষভাৱে ডিজাইন কৰা অমৃত ভাৰত ৰেলসমূহে আধুনিক অভ্যন্তৰীণ সজ্জা, উন্নত সুবিধা, প্ৰশস্ত আসন আৰু সুলভ ভাড়াৰে উন্নত যাত্ৰা অভিজ্ঞতা প্ৰদান কৰে। এই ৰেলসেৱা সমূহে কেৱল যাত্ৰী সুবিধা উন্নত কৰাই নহয় আনহাতে আঞ্চলিক উন্নয়ন পৰ্যটনৰ প্ৰসাৰ আৰু আৰ্থিক একত্ৰীকৰণৰ দিশত উত্তৰ-পূৰ্ব্বাঞ্চল আৰু দেশৰ অন্যান্য প্ৰান্তৰ মাজত ৰেল সেৱা সংযোগৰ শক্তিশালীকৰণেৰে এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেই যাত্ৰী সুবিধা অবিৰতভাৱে উন্নীত কৰাৰ লগতে সুৰক্ষিত, দক্ষ আৰু যাত্ৰী-কেন্দ্ৰিক ৰেল সেৱা উপলব্ধ কৰাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ। এই অমৃত ভাৰত এক্সপ্ৰেছ ৰেলসমূহৰ লক্ষ্যনীয় সফলতাই ভাৰতীয় ৰেলৱেৰ সামূহিক উন্নয়ন, আধুনিকীকৰণ আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে এক সুলভ পৰিবহণৰ দৃষ্টিভংগীকে প্ৰতিফলিত কৰিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী