
নতুন দিল্লী, ০২ মে’ (হি.স.)। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ তত্বাৱধানত অহা ৪ মে’ৰ পৰা ৮ মে’লৈ আমেৰিকাৰ নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন পৰ্যালোচনা মঞ্চত ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে।
আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন পৰ্যালোচনা মঞ্চই (আইএমআৰএফ) প্ৰব্ৰজনৰ ওপৰত বিশ্বব্যাপী চুক্তি ৰূপায়ণ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সৈতে ইয়াৰ আন্তঃসংযোগৰ ওপৰত অগ্ৰগতিৰ বিষয়ে আলোচনা আৰু ভাগ-বতৰা কৰাৰ বাবে প্ৰাথমিক আন্তঃচৰকাৰী বিশ্বব্যাপী মঞ্চ হিচাপে কাম কৰে।
২০২২ চনত অনুষ্ঠিত প্ৰথম আইএমআৰএফৰ ধাৰাবাহিকতাত দ্বিতীয় আইএমআৰএফ অনুষ্ঠিত কৰা হৈছে, য’ত ভাৰতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু নিজৰ প্ৰব্ৰজনকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, ইয়াত চাৰিখন ইন্টাৰেক্টিভ বহু-অংশীদাৰী গোলটেবুল, নীতি বিতৰ্ক, আৰু পূৰ্ণাংগ অধিবেশন অন্তৰ্ভুক্ত কৰা হ’ব। ফলত এখন অগ্ৰগতি ঘোষণাপত্ৰ গ্ৰহণ কৰা হ’ব।
এই ভ্ৰমণৰ সময়ত সিঙে নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া আই এম আৰ এফৰ পূৰ্ণাংগ অধিবেশনত ভাৰতৰ ৰাষ্ট্ৰীয় বিবৃতি প্ৰদান কৰিব। ভাৰতে আইএমআৰএফৰ সময়ত প্ৰব্ৰজন শাসনত ডিজিটেল ইনোভেচন লিভাৰেজিং - ইণ্ডিয়াৰ ই-মাইগ্ৰেট এক্সপিৰিয়েন্স শীৰ্ষক এক অনুষ্ঠানো সহযোগীভাৱে আয়োজন কৰিব।
এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰসংঘৰ উচ্চপদস্থ বিষয়া আৰু আইএমআৰএফত অংশগ্ৰহণ কৰা অন্যান্য সদস্য দেশৰ মন্ত্ৰীসকলকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ