জুবিন গাৰ্গৰ ন্যায় আৰু আত্মাৰ চিৰশান্তি কামনা কৰি ৰঙিয়াৰ নকুল বাসী ৰাইজৰ ভগৱত পাঠ অনুষ্ঠান
ৰঙিয়াত দেখা গ'ল এক ব্যাতিক্ৰমী দৃশ্য।
জুবিন গাৰ্গৰ ন্যায় আৰু আত্মাৰ চিৰশান্তি কামনা কৰি ৰঙিয়াৰ নকুল বাসী ৰাইজৰ ভগৱত পাঠ অনুষ্ঠান


কামৰূপ, ০২ মে’ (হি.স.): কামৰূপ জিলাৰ ৰঙিয়াত যোৱা কালি শুকুৰবাৰে সন্ধিয়া দেখা গ'ল এক ব্যাতিক্ৰমী দৃশ্য। জুবিন গাৰ্গৰ ন্যায় আৰু আত্মাৰ চিৰশান্তি কামনা কৰি ৰঙিয়াৰ নকুল বাসী ৰাইজে ভগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰে । ৫০ বৰ্ষত ভৰি দিয়া পূৱ ৰঙিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে এইবেলি অনুষ্ঠিত নকৰিলে বিহু । প্ৰিয় শিল্পী গৰাকীৰ অনুপস্থিতিত সমূহীয়া ভাগৱত পাঠ কৰে বিহু সমিতিয়ে ।

বুদ্ধ পূৰ্ণিমাৰ দিনটোত প্ৰাণৰ শিল্পী গৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে কৰিলে ভাগৱত পাঠ । এইখন বিহু মঞ্চতে ২০১০ চনত সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে । প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা এইদৰে প্ৰকাশ কৰিলে পূৱ ৰঙিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনয়ে । এইবেলি বিহুত জুবিন গাৰ্গক সংগীতানুষ্ঠানৰ বাবে যোগযোগ কৰিছিল বিহু সমিতিয়ে । প্ৰাণৰ শিল্পী গৰাকীৰ অনুপস্থিতিত ৰাইজৰ সমূহীয়া সিদ্ধান্তত এইবেলি বাতিল কৰা হৈছে বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান । এয়াই হৈছে প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি ৰাইজৰ থকা অফুৰন্ত মৰম তথা শ্ৰদ্ধা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande