ফকিৰাগ্ৰাম এলেকাত বজ্ৰপাতত দুজনৰ মৃত্যু আৰু তিনিজন আহত
ফকিৰাগ্ৰাম এলেকাত বজ্ৰপাতত দুজনৰ মৃত্যু আৰু তিনিজন আহত ।
ফকিৰাগ্ৰাম এলেকাত বজ্ৰপাতত দুজনৰ মৃত্যু আৰু তিনিজন আহত


কোকৰাঝাৰ, ০২ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম এলেকাত বজ্ৰপাতত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে । কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ নামাপাৰাত এই অঘটন ঘটে ।বজ্ৰপাতৰ ফলত একেটা পৰিয়ালৰ দুজন লোকৰ মৃত্যু আৰু তিনিজন আহত হয় । লগতে এটা পশুধনৰো মৃত্যু হয় ।

শুকুৰবাৰে বিয়লি খেতিপথাৰত মৰণা মাৰি থাকোতে উক্ত অঘটন সংঘটিত হয় । বৰষুণ আৰু বজ্ৰপাত আৰম্ভ হোৱাত একেটা পৰিয়ালৰ পাঁচ সদস্যই গছৰ তলত তিৰ্পালৰ তলত আশ্ৰয় লয় । প্ৰচণ্ড শব্দৰে বজ্ৰপাত পৰাত পৰিয়ালটোৰ দুজন লোক ঘটনাস্থলীতে মৃত্যুমুখত পৰাৰ লগতে আন তিনিজন আহত হয়। মৃত্যুমুখত পৰা দুজন ক্ৰমে ছহীদ আলী পৰামানিক (৫০) আৰু সিৰাজুল হ'ক (৩৫) বুলি জানিব পৰা হৈছে । আনহাতে আহতসকল হ'ল ক্ৰমে একাব্বৰ মন্দল, সাহিন পৰামানিক আৰু সাহিদা বিবি ।

বজ্ৰপাতৰ ফলত এটা পশুধনো নিহত হয় । আহতসকলক দোতমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande